Local, Vocal, Global

নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙক দেখা গ’ল অন্য ৰূপত…

সামজিক মাধ্যমত ধেমেলীয়া পোষ্টৰ বাবে জনপ্ৰিয় নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলং।নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙক প্ৰায় সামজিক মাধ্যমত কিছুমান ধেমেলীয়া পোষ্ট কৰা দেখা যায়।বুধবাৰে তেওঁ অন্য় এটা পোষ্ট শ্বেয়াৰ কৰে যিখন ছবিত মন্ত্ৰী জনে ৰাস্তাত হাতত ঝড়ু লৈ থকা দেখা গৈছে।ঝড়ুৰে ইমনা আলঙক ৰাস্তা পৰিস্কাৰ কৰা দেখা যায়।ছবিখন লৈ চালে দেখা যায় যে মন্ত্ৰীজনে এক পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান চলাইছে আৰু এটা গোটৰ সৈতে পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰি আছে। তেওঁলোকে হাতত ঝাড়ু লৈ থকা দেখা যায় আৰু ৰাস্তাৰ কাষত উপস্থিত আছে। দৰাচলতে, নাগালেণ্ডৰ মন্ত্ৰী টেমজিন ইমনাই এই পোষ্টৰ জৰিয়তে ক’ব বিচাৰিছিল যে পৰিষ্কাৰ-পৰিচ্ছন্নতা অব্যাহত ৰখাটো প্ৰয়োজনীয়। অৱশ্যে, বহুতো ব্যৱহাৰকাৰীয়ে তেওঁৰ কেপশ্বনৰ সৈতে একমত হোৱা দেখা নাযায়। 
তেওঁৰ লগতে আন স্বেচ্ছাসেৱকও উপস্থিত থাকে।এই ছবিখন অনলাইন ভাইৰেল হৈ পৰে।পোষ্টটো শ্বেয়াৰ কৰাৰ সময়ত মন্ত্ৰীজনে এক বাৰ্তাও দিয়ে। বাৰ্তাত মন্ত্ৰীজনে লিখে,”ফটোৰ অজুহাততে হওঁক ইয়াক পৰিস্কাৰ কৰক।আপুনি যিমানে ফটো তুলিব,লেতেৰাবোৰ অধিক পৰিস্কাৰ হ’ব।