Local, Vocal, Global

GNRCৰ চৌহদত এগৰাকী নাৰ্ছৰ ৰহস্যজনক আত্মহত্যা

নিউজ ডেস্ক, ১৬ জুলাই : বৃহস্পতিবাৰে নিশা উত্তৰ গুৱাহাটী স্থিত GNRC চিকিৎসালয়ৰ এগৰাকী নাৰ্ছে চিকিৎসালয় চৌহদতে আত্মহত্যা কৰে।

নাৰ্ছ গৰাকীয়ে লিখা চুইচাইড নোটৰ ওপৰত ভিত্তি কৰি শনিবাৰে আৰক্ষীয়ে এজন চিকিৎসক আৰু দুগৰাকী নাৰ্ছক আটক কৰিছে।

আৰক্ষীয়ে আটক কৰা নাৰ্ছ দুগৰাকীক নিবেদিতা নাথ আৰু শ্বেহনাজ আখটাৰ বুলি চিনাক্ত কৰা হৈছে আনহাতে চিকিৎসকজনক শোভনা ৰাও বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্যযোগ্য যে, ভুক্তভোগীৰ পৰিয়ালে এতিয়ালৈকে আৰক্ষী থানাত ঘটনাটোৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নাই।
চিকিৎসালয় কৰ্তৃপক্ষই ঘটনাটো সম্পৰ্কে আৰক্ষীক জনাইছিল যেতিয়া তেওঁলোকে এটা Suo Moto Case ৰুজু কৰিছিল আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰিছিল।