Local, Vocal, Global

মেঘালয়লৈ কাম কৰিবলৈ যোৱা অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

ডিজিটেল ডেস্ক:- বটদ্ৰৱাৰ নসত্ৰ কহুৱাতলিত চাঞ্চল্যকৰ ঘটনা। ভিনিয়েকৰ লগত মেঘালয়লৈ কাম কৰিবলৈ যোৱা যুৱকৰ ৰহস্যজনক মৃত্যু। হাত-ভৰি বন্ধা অৱস্থাত মৃতদেহ উদ্ধাৰ। ভিনিয়েকৰ দ্বাৰা হত্যাৰ সন্দেহ পৰিয়ালৰ। শোকাকুল পৰিবেশ। বটদ্ৰবাৰ জাজৰি থানাৰ অন্তৰ্গত নসত্ৰ কহুৱাতলিত গাঁৱৰ মিন্টু বৰা নামৰ এজন যুৱকৰ মেঘালয়ত ৰহস্যজনক মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কহুৱাতলিতৰ হৰেন বৰাৰ পুত্ৰ মিন্টু বৰাই কিছুদিন পূৰ্বে মেঘালয়লৈ গৈছিল। নিজ ভিনিয়েকৰ তত্বাৱধানত মেঘালয়ত কৰ্মৰত যুৱকজনৰ ২৯ মাৰ্চত মৃত্যুৰ খৱৰ লাভ কৰে পৰিয়ালৰ লোকে। মৃত মিন্টু বৰাৰ পিতৃকে প্ৰমুখ্য কৰি পৰিয়ালটোৰ সদস্য আৰু স্থানীয় লোকৰ মতে সুৰাসক্ত, উদণ্ড প্ৰাঞ্জল বৰা নামৰ ভিনিহীয়েকে হত্যা কৰিছে মিন্টুক।

উল্লেখ যে, কিছুদিন পূৰ্বৰ পৰাই ভিনিহীয়েকৰ লগত পৰিয়ালটোৰ মনোমালিন্য ঘটি আছিল। উদণ্ড ভিনিহীয়েকে কেইবাদিনো আহি পৰিয়ালটোক হাৰাশাস্তি কৰাৰ লগতে মিন্টুৰ বায়েক তথা নিজ পত্নীক মাৰপিট কৰিছিল। ইফালে মিন্টুৰ মৃতদেহ অনাৰ পিছত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কহুৱাতলিত। পৰিয়ালৰ লোকে ন্যায় বিচাৰি Meghalaya Lumshnong police station আৰু জাজৰি আৰক্ষী থানাত ওচৰত এজাহাৰ দাখিল কৰিছে।