Local, Vocal, Global

বৰপথাৰৰ টেঙানীত দুষ্প্ৰাপ্য নাহৰফুটুকী নিধন

ডিজিটেল ডেস্ক:- ৰাজ্যত অব্যাহত বন্যপ্ৰাণী-মানুহৰ সংঘাত। এইবাৰ বৰপথাৰৰ টেঙানীত দুষ্প্ৰাপ্য নাহৰফুটুকীক নিধনৰ ঘটনা। দীঘলি মাজগাৱত এটা নাহৰফুটুকীয়ে ৪জন লোকক প্ৰথমে কৰিছিল আক্ৰমণ। আক্ৰমণৰ ঘটনাৰ পিছতেই নাহৰফুটুকীটোক নিধন কৰে একাংশ অসাধু লোকে।

পিছত পুতি থোৱা অৱস্থাত নাহৰফুটুকীটোৰ আধা অংশ উদ্ধাৰ কৰে বন বিভাগৰ লোকে। বন বিভাগৰ লোকে নাহৰফুটুকীটোক ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে সৰুপথাৰ পশু চিকিৎস্যাললৈ প্ৰেৰণ কৰিছে। আজি পুৱা দীঘলি মাজগাঁৱত নাহৰফুটুকীয়ে নাহৰফুটুকীটোৱে ভাইকন শইকীয়া,পিংকি শইকীয়াকে ধৰি চাৰিজন লোকক আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে ৷ আক্ৰমণৰ ঘটনাৰ পিছতেই নাহৰফুটুকীটোক একাংশ অসাধু লোকে হত্যা কৰি পিছফালৰ অংশ কাটি লৈ যায় বাকী আধা অংশ গাঁতত পুতি থয়।

সমগ্ৰ ঘটনা ৰাইজে বন বিভাগক অৱগত কৰোৱাত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকীটোক পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ উন্মাদপ্ৰায় একাংশই নাহৰফুটুকীটোক হত্যা কৰি পিছফালৰ অংশ কাটি লৈ যায় বুলিও বন বিভাগৰ লোকে জানিবলৈ দিয়ে। উদ্ধাৰ হোৱা নাহৰফুটুকীটোৰ শৰীৰৰ আধা অংশ বন বিভাগৰ লোকে সৰুপথাৰ পশু চিকিৎস্যাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷