Local, Vocal, Global

Musheer Khan suffers road accident :পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ মুছিৰ খান

নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ মুছিৰ খান।

আজমগড়ৰ পৰা লক্ষ্ণৌলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় মুছিৰ খান। দুৰ্ঘটনাৰ সময়ত তেওঁৰ সৈতে আছিল তেওঁৰ পিতৃ নৌছাদ খানো(Musheer Khan suffers road accident)।

খবৰ অনুসৰি শুকুৰবাৰে আজমগড়ৰ পৰা লক্ষ্ণৌলৈ যোৱাৰ পথত মুছিৰ খানৰ বাহনে পথৰ কাষৰ এটা ডিভাইডাৰত খুন্দা মাৰে।ফলত আহত হয় মুছিৰ আৰু তেওঁৰ পিতৃ।মুছিৰ খানে মূৰত আঘাত পাইছে। ডিঙিত বিষ অনুভৱ কৰে(Musheer Khan suffers road accident, out of Mumbai’s Irani Cup game in Lucknow)।

এই দুৰ্ঘটনাৰটো সংঘটিত হোৱাৰ পাছতে মুছিৰ আৰু তেওঁৰ পিতৃক এখন স্থানীয় হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসকে চিকিৎসাৰ অন্তত জনোৱা অনুসৰি মুছিৰ খানক সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ অতি কমেও ১৬ সপ্তাহৰ প্ৰয়োজন হ’ব(Mumbai’s Musheer Khan suffers neck injury in road accident)।

লগতে চিকিৎসকে জনাই যে, অহা দেওবাৰে মুছিৰক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হ’ব। তাতেই তেওঁক বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হ’ব।

এই সন্দৰ্ভত মুম্বাই ক্ৰিকেট এছ’চিয়েছনৰ এজন বিষয়ববীয়াই কয় যে, শুকুৰবাৰে নিশা মুছিৰ দুৰ্ঘটনাত পতিত হয়। তেওঁ অহা ইৰাণী কাপত খেলিব নোৱাৰিব। দেওবাৰে তেওঁক মুম্বাইলৈ লৈ অনা হ’ব।মুম্বাই ক্ৰিকেট এছ’চিয়েছন আৰু বি চি চি আইৰ চিকিৎসকৰ দলে তেওঁক পৰীক্ষা কৰিব।

লগতে পঢ়ক :Class 10 Girl Allegedly Raped In Guwahati Lodge : ল’জৰ বন্ধ কোঠাত দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ !