Local, Vocal, Global

WATCH | Mushalpur News : পহিলা ব’হাগতে বাক্সাৰ পলাশগুৰিত মঞ্চ নিৰ্মাণৰ শিলান্যাস

মুছলপুৰ,১৫এপ্ৰিল : আজি পহিলা ব’হাগ । পহিলা ব’হাগতে বাক্সাৰ পলাশগুৰিত মঞ্চ নিৰ্মাণৰ শিলান্যাস ।

বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী পলাশগুৰিত আজি পহিলা ব’হাগৰ পৱিত্ৰ দিনটোতে মঞ্চ নিৰ্মাণৰ শিলান্যাস কাৰ্যসূচী ৰূপায়িত হয় । পলাশগুৰি ৰাজহুৱা নামঘৰ চৌহদত মঞ্চ নিৰ্মাণ কাৰ্যসূচীত অংশ লয় অসম চৰকাৰৰ ৰাজ্যিক কৰ অধীক্ষক ডাঃ অজিৎ কুমাৰ নাথে ।

পলাশগুৰি নিৱাসী এইগৰাকী ব্যক্তিয়ে তেখেতৰ পিতৃ-মাতৃৰ স্মৃতিত দান হিচাপে আগবঢ়াইছে মঞ্চখন । আজি পৱিত্ৰ দিনটোত অনুষ্ঠিত মাংগলিক কাৰ্যসূচীত উপস্থিত থাকে শতাধিক গঞা । দাঁতা গৰাকীক ধন্যবাদ দিছে গাঁওবাসীয়ে । আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে গাঁওবাসীক(Mushalpur News)।

লগতে পঢ়ক : WATCH | Hajo News : হাজোৰ দক্ষিণ বৰ্ণিৰ সাংবাদিক মেছেৰ আলীক গ্ৰেপ্তাৰ