WATCH | Hajo News : হাজোৰ দক্ষিণ বৰ্ণিৰ সাংবাদিক মেছেৰ আলীক গ্ৰেপ্তাৰ

হাজো,১৫এপ্ৰিল : হাজোৰ দক্ষিণ বৰ্ণিৰ সাংবাদিক মেছেৰ আলীক জেল লৈ প্ৰেৰণ।
এই গৰাকী ভণ্ড তথা লম্পট চৰিত্ৰৰ দুই সন্তানৰ পিতৃ-সাংবাদিক মেছেৰ আলীয়ে দীৰ্ঘদিন ধৰি হাজোৰ বিভিন্ন অঞ্চলৰ মহিলাক সুযোগ পালে যৌন নিৰ্যাতনৰ চেষ্টা চলাই।
কামৰূপ জিলাৰ হাজোৰ দক্ষিণ বৰ্ণিৰ দৈনিক বাতৰি কাকত তথা কেইবাটাও পৰ্টেল চেনেলত কৰ্মৰত তথাকথিত সাংবাদিক মেচেৰ আলীক ৰামদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
অভিযোগ অনুসৰি, সাংবাদিক মেছেৰ আলীৰ প্ৰায় সামাজিক মাধ্যমত চৰ্চত থাকে। মেছেৰ আলী পূৰ্বৰ মহিলা নিৰ্যাতনৰ অভিযোগ আছে ।
গিৰিয়েক নথকাৰ সুযোগ লৈ নিশাৰ ভাগতে দেৱাল পাৰ হৈ প্ৰায় এমাহ মানৰ পৰা মেছেৰ আলী নামৰ সাংবাদিক গৰাকীয়ে একে চুবুৰীৰ ছহিৰুন নেছা নামৰ মহিলা গৰাকীক অসৎ ইঙ্গিত দি আহিছে(Hajo News)।
মহিলা গৰাকীয়ে এই অসৎ কাৰ্যক সমৰ্থন নকৰাত সাংবাদিক জনে তেওঁক প্ৰানে মৰাৰ ভাবুকি দিয়ে বুলি জনাই।
উক্ত মহিলা গৰাকীয়ে এই লম্পত চৰিত্ৰৰ সাংবাদিক গৰাকীৰ এনেকুৱা কু কাৰ্য্য সহিব নোৱাৰি শাহুয়েকক অৱগত কৰে।
উপান্তৰ হৈ ন্যায় বিচাৰি তেওঁৰ পৰিয়ালৰ লোকে ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
এজাহাৰকাৰীৰ পৰিয়ালে এনেকুৱা কু কাৰ্য্যৰ লগত জড়িত সাংবাদিক গৰাকীৰ দৃষ্টান্ত মুলক শাস্তিৰ দাবী উত্থাপন কৰিছে।
এজাহাৰৰ ভিত্তিত সাংবাদিক মেছেৰ আলীক ৰামদিয়া আৰক্ষীয়ে তাৎক্ষনিক ভাবে গ্ৰপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখে।
লগতে পঢ়ক : WATCH | Hataingimari News : মানকাচৰ আম আদমী পাৰ্টিৰ সভাপতি মোস্তাক হাছানৰ সংবাদমেল