Local, Vocal, Global

হত্যা নে আত্মহত্যা?পাচঁমহীয়া অন্তঃসত্বা মহিলাৰ মৃত্যুক লৈ চাঞ্চল্য…

ডিজিটেল ডেস্কঃ-এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ঢকুৱাখনা ভাটি হুজ গাঁৱত। ঢকুৱাখনাত এগৰাকী পাচঁমহীয়া অন্তঃসত্বা মহিলাৰ আত্মহত্যা।কিন্তু পৰিয়ালৰ মতে এয়া আত্মহত্যা নহয় এয়া হত্যাকাণ্ড।

ঘটনা অনুসৰি ঢকুৱাখনা ভাটি হুজ গাঁৱৰ কুশল দাসে ৰিংকুমণি দাস নামৰ ১৮ বছৰীয়া এগৰাকী যুৱতীক বিয়া কৰাইছিল।

শনিবাৰে পুৱতি নিশা পাচঁমহীয়া অন্তঃসত্বা মহিলা গৰাকীয়ে আত্মহত্য়া কৰে।কিন্তু পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হয় প্ৰত্যক্ষ কৰি এয়া আত্মহত্যা বুলি অভিযোগ কৰে আৰু স্বামী কুশলে পত্নী ৰিংকুমণি হত্যা কৰি আত্মহত্য়াৰ ৰূপ দিয়াৰ চেষ্টা কৰে বুলি অভিযোগ কৰে।ৰচীৰে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ ৰিংকুমণি দাসৰ পৰিয়ালৰ।

খবৰ অনুসৰি, কুশল দাসে পত্নী ৰিংকু মণিৰ পৰিয়ালক টেলিফোনযোগে বেমাৰ হোৱা বুলি অৱগত কৰিছিল।কিন্তু পৰিয়ালৰ লোকে এয়া আত্মহত্যা বুলি অভিযোগ কৰে।তাৰ পাছতে আৰম্ভ হয় দুয়োটা পৰিয়ালৰ মাজত কাজিয়া।কাজিয়াৰ কিছুসময়ৰ পাছতে ঢকুৱাখনা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কুশল আৰু ভাতৃক আটক কৰি জেৰা কৰে ঢকুৱাখনা আৰক্ষী প্ৰশাসনে।

কিন্তু পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা