Local, Vocal, Global

প্লাষ্টিকৰ পিষ্টল লৈ হিমাংশুৰ পুলিচ গিৰি,হিমাংশু হ’ল SI…

ডিজিটেল ডেস্কঃ- ক্লাছ নাইনলৈ পঢ়ি হিমাংশু হ’ল SI।এতিয়া দৰকাৰ দুজন দেহৰক্ষীৰ। দেহৰক্ষীৰ বাবে ফোনযোগে মাতি পঠিয়ালে ভাস্কৰ বৰুৱাক।কিন্তু দিন বেয়া আছিল হিমাংশুৰ।ভাস্কৰ বৰুৱাক লগ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল হিমাংশু।চাকৰিৰ আশাত ভাস্কৰ বৰুৱা আহি উপস্থিত হয় তেজপুৰত।তেতিয়াই ওলাই পৰিল উৰহী গছৰ ওৰ।নিজেই পতা জালত নিজেই ফচিল এওঁ।তেজপুৰৰ ২নংকলিতাগাঁৱৰ বাসিন্দা হিমাংশু ।হিমাংশুৰ মন আৰক্ষী হোৱাৰ কিন্তু নৱম শ্ৰেণীলৈকে পঢ়ি এয়া সম্ভৱ নহয় বুলি হিমাংশুয়ে ভালদৰে জানিছিল।আৰক্ষীৰ হোৱাৰ সপোন যে শেষ হৈছে। সেয়েহে অনলাইনযোগে যোগাৰ কৰিলে পোছাক, হাতত ভুৱা পিষ্টল।আৰক্ষীৰ পোছাক পৰিধান কৰি হিমাংশু হৈ পৰিল স্বয়ম্ভু আৰক্ষী বিষয়া ।কঁকালত ওলমাই ল’লে প্লাষ্টিকৰ পিষ্টল।আনৰ আগত নিজকে SI বুলি চিনাকি দি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে হিমাংশুয়ে ।ভাস্কৰ বৰুৱাক লগ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল হিমাংশু।তেজপুৰৰ মিচন চাৰিআলিত ভাস্কৰক লগ কৰিবলৈ আহোঁতেই জালত পৰিল আৰক্ষীৰ।কছাৰীগাঁও আৰক্ষীয়ে আটক কৰিলে স্বয়ম্ভু আৰক্ষী বিষয়া হিমাংশুক।অসম চৰকাৰলৈ হিমাংশুৰ আহ্বান অসম আৰক্ষীৰ হৈ কাম কৰিব বিচাৰে হিমাংশুৱে,কিবা এটা সৰু সুৰা হলেও দি দিবলৈ।