Local, Vocal, Global

অৱশেষত উদ্ধাৰ হ’ল মুকেশ পায়েঙৰ মৃতদেহ

নিউজ ডেস্ক, ১৪ জুলাই : ৰাজ্যত প্ৰত্যেক দিনাই শোকাৱহ মৃত্যুৰ খবৰে বাতৰিৰ শিৰোনামা দখল কৰে।

আজি পুনৰ জোনাই মহকুমাৰ সীমান্তৱৰ্তী কেমি গাঁৱৰ চিকা নলাত গা ধুবলৈ গৈ এটি শিশুৱে কৰুণ মৃত্যুক সাৱটি লয়।

খবৰ অনুসৰি বুধবাৰে জোনাই মহকুমাৰ সীমান্তৱৰ্তী কেমি গাঁৱৰ ধনশ্বৰ পায়েঙৰ ছয় বছৰীয়া পুত্ৰ মুকেশ পায়েঙে বন্ধুৰ সৈতে কেমি গাঁৱৰ সমীপৰ চিকা নলাত গা ধুবলৈ গৈছিল। আৰু তেতিয়াৰে পৰা লিখোজ হৈ আছিল শিশুটি।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত জোনাই আৰক্ষী, SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰু নিশা প্ৰায় বাৰ বজাত শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰে ।

ছয় বছৰীয়া শিশুটি গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাবটি লোৱা শোকাবহ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়।