Local, Vocal, Global

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ বৃহৎ ঘোষণা

নিউজ ডেস্ক, ১৪ জুলাই : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে বৃহস্পতিবাৰে ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত মূল্য সংযোজন কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে একনাথ চিন্দে ঘোষণা কৰে যে, পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকা হ্ৰাস কৰা হ’ব।

মন্ত্ৰালয়ত কেবিনেট বৈঠকৰ পিছত শিন্দে সাংবাদিকসকলক জনায় যে এই সিদ্ধান্তৰ ফলত ৰাজ্যৰ কোষাগাৰৰ ওপৰত ৬,০০০ কোটি টকাৰ বোজা পৰিব।

উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কৈছিল যে এই সিদ্ধান্ত টো শিৱসেনা-বিজেপি চৰকাৰৰ জনকল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিৰ এক অংশ।

উল্লেখ্য যে, মুম্বাইত পেট্ৰ’লৰ মূল্য যোৱা ১১ দিনৰ বাবে ১১১.৩৫ টকাত স্থিৰ হৈ আছিল আৰু বৰ্তমান ইয়াৰ মূল্য হ’ব ১০৬.৩৫ ।

একে সময়তে ডিজেলৰ মূল্য ৯৭.২৮ টকা আছিল বৰ্তমান ইয়াৰ মূল্য ৯৪.২৮ টকা হ’ব।