Local, Vocal, Global

চাইকেলেৰে প্ৰতিবাদ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

নগা আগ্ৰাসনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে  টীয়কৰ সভালৈ আহি মুখ্যমন্ত্ৰীক প্ৰদান কৰিলে স্মাৰক পত্ৰ । অসমৰ জাতি মাটি আৰু ভেটি বচোৱাৰ অংগীকাৰ কৰি শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হৈছিল বিজেপি চৰকাৰে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে পৰিবৰ্তনৰ ঢাক ঢোল বজাই অতিক্ৰম কৰিলে প্ৰায় চাৰি টাকৈ বছৰ। কিন্তু মৰিয়নিৰ কোনো ঠাইতে বিধায়ক গৰাকীয়ে  দেখা নাপালে কোনো পৰিৱৰ্তন । মৰিয়নি সমষ্টি যিহেতু অসম আৰু নগালেণ্ড সীমান্তত অৱস্থিত গতিকে সময়ে সময়ে হৈ থাকে নগাৰ আগ্ৰাসন। কিন্তু এই অভিযোগ বহু বাৰ অসম চৰকাৰক জনাইও কোনো সমাধান নাপালে মৰিয়নি সমষ্টিৰ বিধায়ক গৰাকীয়ে। গতিকে আজি চাইকেল চলাই এক প্ৰতিবাদ কৰি সুদূৰ মৰিয়নিৰ পৰা টীয়কৰ এখন সভালৈ আহিল বিধায়ক গৰাকী মুখ্যমন্ত্ৰীক প্ৰদান কৰিলে স্মাৰক পত্ৰ ।