সোণতলীৰ বদলা গাঁৱৰ ধৰ্ষণত অভিযুক্ত মোন্নাফ আলীক আটক

ডিজিটেল ডেস্ক:- আৰক্ষীক আক্ৰমণৰ মূল অপৰাধী তথা ধৰ্ষণত অভিযুক্ত মোন্নাফ আলীক আটক। সোণতলীৰ বদলা গাঁৱৰ ধৰ্ষণত অভিযুক্ত মোন্নাফ আলীক শুকুৰবাৰে আটক কৰে সোণতলী আৰক্ষীয়ে। গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাতে বকো পোৱাৰ আগতে গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে আৰক্ষীয়ে।
উল্লেখ্য যে ১৭ মাৰ্চত ধৰ্ষণৰ ঘটনাত অভিযুক্ত মোন্নাফ আলীক আটক কৰিবলৈ যোৱা সোণতলী আৰক্ষীক একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰিছিল। আৰক্ষীক প্ৰহাৰ কৰাৰ উপৰিও আৰক্ষীৰ পৰা বন্দুক কাঢ়ি লোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছিল ৷
উত্তেজিত লোকৰ প্ৰহাৰত হাতো ভাঙিছিল সোণতলী আৰক্ষী চকীৰ গৃহৰক্ষী জোৱানৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈ ১৫জনক জে’ললৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ মূল উৎস মোন্নাফ আলীক আটক কৰি বকো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷