Local, Vocal, Global

শীঘ্রে সলনি হ’ব পাৰে Monkeypoxৰ নাম

নিউজ ডেক্স , ২৪ জুন : শীঘ্রে সলনি হ’ব পাৰে মাংকি পক্সৰ নাম। এই ক্ষেত্রত ইতিমধ্যে আগবাঢ়িছে বিশ্ব স্বাস্থ্য সংস্থা।বিশেষজ্ঞসকলৰ স’তে আলোচনা কৰি ভাইৰাছৰ নাম, তাৰ দুটা ৰূপৰ নাম আৰু তাৰ পৰা হোৱা ৰোগৰ নামো পৰিৱৰ্তন কৰাৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে বুলিও জানিবলৈ দিছে সংস্থাটোৱে।

উল্লেখ্য যে মাংকি পক্সৰ নামক লৈ আপত্তি দৰ্শাইছিল আন্তর্জাতিক বিজ্ঞানীৰ এটা দলে।হো-ৰ অধ্যক্ষ টেড্রচ আধানোম গেব্রেইছাছে জানিবলৈ দিছে এই কথা।

আন্তর্জাতিক বিজ্ঞানীৰ দলটোৰ মতে,মাংকি পক্স ভাইৰাছ আৰু তাৰ ৰূপবোৰৰ নামত কৰ’বাত নহয় কৰ’বাত বর্ণভেদ প্রকট হৈছে । এই ৰোগৰ নামৰ স’তে বিশেষ এটা মহাদেশৰ নাম জড়িত হৈ যোৱত সেই মহাদেশৰ দেশসমূহে অকাৰণতে কলংকিত হৈছে ।