Local, Vocal, Global

Money seized from fake DC : তেজপুৰৰ ভুৱা উপায়ুক্তৰ কাহিনীৰ নতুন মোৰ

তেজপুৰ, ২৭জুন : পোহৰলৈ আহিছে তেজপুৰৰ ভুৱা উপায়ুক্ত অংকুৰ শইকীয়াৰ ন ন তথ্য। ভুৱা DC ৰ পৰা আৰক্ষীয়ে লাভ কৰিলে নগদ ১,৭৯,৫০০ টকা (Money seized from fake DC)। চাকৰি দিয়া আৰু বদলিকৰণৰ নামত লৈছিল ৪,৫০,০০০ টকা । শোণিতপুৰৰ উপায়ুক্ত ৰূপে পৰিচয় দি আৰক্ষীৰ জালত পৰিছিল ভুৱা DC অংকুৰ শইকীয়া। DC ৰ লগত আছিল দেহৰক্ষী। DC এছক’ৰ্ট লৈ ঘূৰি ফুৰিছিল ভুৱা উপায়ুক্তই। DC এছক’ৰ্ট লৈ ঘূৰি ফুৰিছিল তেজপুৰৰ ৰাজপথত। দলে-বলে চিনেমা হলত চিনেমা চাৱ গৈছিল। হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰিবলৈ গৈ নিজকে উপায়ুক্ত বুলি পৰিচয় দিছিল অংকুৰ শইকীয়াই। তাৰ পিছত আৰক্ষীৰ জালত পৰে ভুৱা উপায়ুক্ত ৰূপী প্ৰৱঞ্চকসহ দহজনীয়া দল (Fake DC Arrested in Tezpur)।

উল্লেখ্য যে, তেজপুৰত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ভুৱা উপায়ুক্তক(Fake DC Arrested in Tezpur) । কেৱল এজন ভুৱা উপায়ুক্তই নহয় তেওঁৰ লগত থকা এটা ৯ জনীয়া দলক আটক কৰিবলৈ সক্ষম হয় তেজপুৰ আৰক্ষীয়ে । জানিব পৰা মতে নিবনুৱাক চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সৰকোৱাৰ অভিযোগ উত্থাপন হৈছে (Fake DC Arrested in Tezpur) ।

জানিব পৰা মতে তেজপুৰত সোমবাৰে আবিৰ্ভাৱ ঘটিছিল এজন ভুৱা উপায়ুক্তৰ (Man posing as DC arrested from Tezpur) । নিজকে উপায়ুক্ত হিচাপে চিনাকী দি তেজপুৰ চহৰৰ মাজমজিয়াত ঘূৰি আছিল অংকুৰ শইকীয়াই । সূত্ৰ অনুসৰি অংকুৰ শইকীয়াই জিলাখনৰ উপায়ুক্তৰ ৰূপ লৈ কেইবাজনো লোকৰ পৰা ধন দাবী কৰিছিল।

প্ৰাপ্ত তথ্য অনুসৰি, ভুৱা উপায়ুক্তৰ গোলাঘাটৰ যুৱক অংকুৰ শইকীয়াই বিগত এসপ্তাহ ধৰি তিনিজনীয়া দেহৰক্ষীসহ দহজন লোকক লৈ তেজপুৰৰ লগতে তেজপুৰৰ বিভিন্ন অঞ্চলত নিজকে শোণিতপুৰ জিলাৰ নতুন DC হিচাপে পৰিচয় দি অহাৰ সয়মতে সোমবাৰে অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে তেজপুৰ মাজমজিয়াৰ পৰা আটক কৰে। আটকাধীন দলটোৰ পৰা আৰক্ষীয়ে ইতিমধ্যে ১,৭৯,৫০০ টকা উদ্ধাৰ কৰে।

উল্লেখ্য যে মঙলবাৰে বিদ্যুৎ কলিতা নামৰ এজন লোকে তেজপুৰ সদৰ আৰক্ষীত এই বিষয়ে এক গোচৰ ৰুজু কৰিছে । মেডিকেলত চাকৰি দিয়া আৰু বদলি কৰণৰ নামত ৪,৫০,০০০টকা লৈছিল ভুৱা ডি চিয়ে। কেৱল ইমানে নহয় । এই ভুৱা ডি চিক কোনো এজেন্সীয়ে যোগান ধৰিছিল নিৰাপত্তাৰক্ষী আৰু বাহন ।আনহাতে বিহগুড়ি অঞ্চলৰ পৰা ভুৱা উপায়ুক্তৰ দলে অসম সচিবালয়ত নিযুক্তি দিয়াৰ নামত লৈছে কেইবা লাখ টকা। সম্প্ৰতি আৰক্ষীয়ে জেৰাৰ চলাই আছে অংকুৰ শইকীয়াৰ বিৰুদ্ধে।

অৱশ্যে এই ঘটনা সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই শোণিতপুৰ জিলা আৰক্ষীয়ে । শোণিতপুৰ জিলা আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত কোনো মন্তব্য প্ৰদান নকৰাত সৃষ্টি হৈছে ৰহস্যৰ ৷ আনহাতে বৰ্তমান তেজপুৰ সদৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ১০ জনীয়া প্ৰৱঞ্চকৰ দলটোক নিজৰ জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে ৷ ভুৱা উপায়ুক্ত অংকুৰ শইকীয়াৰ গোলাঘাটৰ পাঁচ আলিৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Fake DC Arrested in Tezpur : তেজপুৰ আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত আৰু তেওঁৰ ৯ দেহৰক্ষী