Local, Vocal, Global

Anusuiya Uikey meets President : ৰাষ্ট্ৰপতিক সাক্ষাৎ মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীৰ

নেশ্যনেল ডেস্ক, ২৭ জুন : ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ মণিপুৰৰ ৰাজ্যপালৰ (Anusuiya Uikey meets President) । সোমবাৰে নতুন দিল্লীত সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীয়ে ৷ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে ৰাজ্যপাল উইকীয়ে(Uikey meets President)। মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীয়ে ৰাষ্ট্ৰপতিক উত্তৰ-পূবৰ ৰাজ্যখনত সংঘটিত হোৱা বিভিন্ন ঘটনাৰ বিষয়ে অৱগত কৰে আৰু ৰাজ্যখনৰ পৰিস্থিতি উন্নত কৰিবলৈ আৰু স্বাভাৱিকতা আৰু শান্তি ঘূৰাই আনিবলৈ বিতং আলোচনা কৰে ৷

প্ৰকাশিত এক বিবৃতি অনুসৰি , “মণিপুৰৰ ৰাজ্যপালে ৰাষ্ট্ৰপতিক ৰাজ্যখনত সংঘটিত হোৱা বিভিন্ন ঘটনাৰ বিষয়ে অৱগত কৰে আৰু পৰিস্থিতি উন্নত কৰিবলৈ আৰু শান্তি ঘূৰাই আনিবলৈ আলোচনা কৰে”।

ৰাজ্যপালগৰাকীয়ে ইম্ফল, চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ বিভিন্ন সাহায্য শিবিৰ ভ্ৰমণ আৰু হিংসাপীড়িত লোকসকলৰ সৈতে হোৱা বাৰ্তালাপৰ বিষয়েও অৱগত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক । লগতে বিভিন্ন জিলাৰ সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলক সাহায্য সামগ্ৰী প্ৰদানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও ৰাষ্ট্ৰপতিক অৱগত কৰে ৰাজ্যপাল উইকীয়ে।

জানিব পৰা মতে,এই বৈঠকত হিংসাৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ পুনৰ সংস্থাপন আৰু শিক্ষাৰ্থীসকলৰ শিক্ষা সম্পৰ্কীয় বিষয়সমূহো আলোচনা কৰে ৷

লগতে পঢ়ক : Terrorist killed in Jammu And Kashmir: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ