Local, Vocal, Global

Monday recorded as hottest day on earth: সোমবাৰৰ দিনটোয়ে পৃথিৱীৰ আটাইতকৈ অধিক গৰমৰ দিন হিচাপে স্থাপন কৰিলে অভিলেখ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ জুলাই: নেশ্যনেল অচিয়েনিক এণ্ড এটম’চফেৰিক এডমিনিষ্ট্ৰেচন (National Oceanic and Atmospheric Administration)ৰ তথ্যৰ উদ্ধৃতি দি The Hill য়ে প্ৰকাশ কৰা অনুসৰি যোৱা ৩ জুলাইৰ দিনটো পৃথিৱীৰ আটাইতকৈ উষ্ণ দিন হিচাবে ৰেকৰ্ড কৰা হৈছে(hottest day on Earth was recorded on July 3)।

মেইনে বিশ্ববিদ্যালয়ে বিশ্লেষণ কৰা তথ্য অনুসৰি (Data analyzed by University of Maine) ৩ জুলাইৰ দিনটোত পৃথিৱীৰ পৃষ্ঠভূমিৰ পৰা ২ মিটাৰ উচ্চতাত বিশ্বব্যাপী বায়ুৰ গড় উষ্ণতাই ৬২.৬২ ডিগ্ৰী ফাৰেনহাইট বা ১৭.০১ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছিল।

বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ৰবাৰ্ট ৰোহডে মঙলবাৰে (স্থানীয় সময় অনুসৰি) টুইটাৰৰ জৰিয়তে কয়, “এনচিইপিয়ে (National Centers for Environmental Prediction) ৩ জুলাইত পৃথিৱীৰ গড় উষ্ণতাক মানুহে এতিয়ালৈকে জুখিব পৰা আটাইতকৈ গৰম দিন হিচাপে চিহ্নিত কৰিছে । ই হৈছে গোলকীয় উষ্ণতাৰ শীৰ্ষত থকা এল নিনোৰ সংমিশ্ৰণৰ দ্বাৰা চালিত (El Nino on top of global warming) আৰু পৰৱৰ্তী 6 সপ্তাহত আমি আৰু কেইটামান গৰমৰ দিন দেখিবলৈ পাম ।”

NOAA ৰ মতে স্পেনিছ ভাষাত এল নিনোৰ অৰ্থ হৈছে স্পেনিছভাষাত লিটল বয় । ১৬০০ ৰ দশকত দক্ষিণ আমেৰিকাৰ মাছমৰীয়াসকলে প্ৰথমে প্ৰশান্ত মহাসাগৰত অস্বাভাৱিকভাৱে পানীৰ তাপৰ মাত্ৰা অত্যাধিক হোৱা লক্ষ্য কৰিছিল । সেই সময়ত তেওঁলোকে ব্যৱহাৰ কৰা সম্পূৰ্ণ নামটো আছিল এল নিনো ডি নাভিডাড (El Nino de Navidad) কাৰণ এল নিনো সাধাৰণতে ডিচেম্বৰৰ আশে পাশে শীৰ্ষত থাকে ।

এল নিনোৱে আমাৰ বতৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে । উষ্ণ পানীৰ বাবে প্ৰশান্ত মহাসাগৰীয় জেট স্ট্ৰিমে (Pacific jet stream) নিজৰ নিৰপেক্ষ অৱস্থানৰ পৰা দক্ষিণলৈ গতি কৰে । এই পৰিৱৰ্তনৰ লগে লগে উত্তৰ আমেৰিকা আৰু কানাডাৰ অঞ্চলসমূহৰ বতৰ স্বাভাৱিকতকৈ শুকান আৰু অধিক উষ্ণ হৈ পৰে । কিন্তু আমেৰিকাৰ উপসাগৰীয় উপকূল আৰু দক্ষিণ-পূবত এই সময়ছোৱা বতৰ স্বাভাৱিক অৱস্থাত নাথাকি ভিজা হৈ থাকে আৰু ইয়াৰ ফলত বানৰ সৃষ্টি হয় ।

দ্য হিল বাতৰি কাকতখনৰ মতে, কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ৰবাৰ্ট ৰোহডে লগতে সকীয়াই দিয়ে যে অহা ডেৰ মাহত বিশ্ববাসীয়ে অধিক উষ্ণতাৰ গৰম পাব পাৰে ।

দ্য হিল হৈছে ৱাশ্বিংটন ডি.চি.ৰ পৰা প্ৰকাশিত এখন আমেৰিকান বাতৰি কাকতৰ লগতে এটা ডিজিটেল মিডিয়া প্ৰতিষ্ঠান (American newspaper and digital media company) ।

৩ জুলাই অৰ্থাৎ যোৱা সোমবাৰৰ উষ্ণতাই ২০২২ চনৰ জুলাই মাহ আৰু ২০১৬ চনৰ আগষ্ট মাহত হোৱা পূৰ্বৰ অভিলেখ ৬২.৪৬ ডিগ্ৰী ফাৰেনহাইট অৰ্থাৎ ১৬.৯২ ডিগ্ৰী চেলছিয়াছক অতিক্ৰম কৰিলে ।

ইফালে, ক্লাইমেট ৰিএনালাইজাৰ প্ৰকল্পৰ মেইনে বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে কয় যে, যোৱা ৩ আৰু ৪ জুলাইত কুইবেক আৰু উত্তৰ-পশ্চিম কানাডা আৰু পেৰুত হোৱা তাপমাত্ৰাই পূৰ্বৰ ৰেকৰ্ডক অতিক্ৰম কৰিছে ।

নেশ্যনেল ৱেদাৰ চাৰ্ভিচৰ বতৰ বিজ্ঞানী জেক টেইলৰে কয় যে, অৰেগনৰ মেডফোৰ্ডৰ পৰা ফ্ল’ৰিডাৰ টাম্পালৈকে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চহৰসমূহে সৰ্বকালৰ উচ্চতাৰ শিখৰত উপনিত হৈছে । লগতে যোৱাটো সপ্তাহত বেইজিঙে একেৰাহে ৯ দিনৰ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ (৯৫ ফাৰেনহাইট) অতিক্ৰম কৰা বুলি দ্য হিলে প্ৰকাশ কৰিছে ।

অৱশ্যে বিশ্বব্যাপী হোৱা উষ্ণতাক এই অভিলেখটোক ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় সংস্থাৰ Gold-Standard Climate Measurementsয়ে বৰ্তমানলৈকে অনুমোদন নিদিয়াৰ বাবে ই এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে । কিন্তু জলবায়ু পৰিৱৰ্তনে যে এক অচিন পাৰিপাৰ্শ্বিক পৰিস্থিতিত খোজ পেলাইছে ই তাৰেই ইংগিত বহন কৰিছে ।

লগতে পঢ়ক : SRK spotted at Mumbai airport: আমেৰিকাত দুৰ্ঘটনা সংঘটিত হোৱাৰ উৰাবাতৰিৰ মাজতে মুম্বাই বিমানবন্দৰত SRK