মোদীৰ বৈঠকত উপস্থিত নাথাকে মমতা বেনাৰ্জী, ভুপেশ বাঘেল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ COVID-সমীক্ষা বৈঠকত উপস্থিত নাথাকিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলে ।
বৈঠকখনত প্ৰধানমন্ত্ৰী মোদীয়ে আকৌ এবাৰ কৰ’ণা ভাইৰাছৰ প্ৰভাৱ দেখা পোৱা ৰাজ্যসমূহৰ লগতে ক’ভি়ড টিকাকৰণৰ বিষয়ত আলোচনা কৰিব বুলি আশা কৰা হৈছে৷ প্ৰধানমন্ত্ৰীগৰাকীৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে টিকাকৰণ আৰম্ভ হোৱাৰ আগতে অন্তিমবাৰ বাৰ্তালাপ হৈছিল জানুৱাৰী মাহত৷ তেওঁ তেতিয়া ঘোষণা কৰিছিল যে কেন্দ্ৰই প্ৰথম পৰ্যায়ত প্ৰায় তিনি কোটি স্বাস্থ্যসেৱা কৰ্মীসকলক টিকা কৰণৰ ব্যয় বহন কৰিব৷