MLA threatens : খঙত অগ্নিশৰ্মা এগৰাকী বিধায়ক, কিন্তু কিয় ?
ডিগবৈ, ২৮ছেপ্টেম্বৰ : এজন বিধায়কৰ হুংকাৰ পুঁজিপতি বনিয়াৰ বিৰুদ্ধে(MLA threatens) । খঙত অগ্নিশৰ্মা বিধায়কগৰাকী ।
চৰকাৰে কৰো বুলিও কি কৰিব নোৱাৰে। এগৰাকী বিধায়কে কিয় হুংকাৰ প্ৰদান কৰিছে পুঁজিপতি বনিয়াৰ বিৰুদ্ধে। কিয় সংবাদমাধ্যমৰ সন্মুখতে খঙত অগ্নিশৰ্মা হৈ পৰিল বিধায়কগৰাকী।
দেশত সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ অত্যাধিক হাৰত মূল্য বৃদ্ধি হোৱা সময়তেই ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উৎপাদন কৰা কেঁচা চাহপাতৰ দৰ হুৰাহুৰে নিম্নগামী হোৱাত ক্ষোভিত হৈ পৰিছে ডিগবৈৰ বিধায়ক সুৰেণ ফুকন।
বৃহস্পতিবাৰে পুৱাই ভাৰত চৰকাৰৰ মোৰ দেশ মোৰ মাটি কাৰ্যসূচীত ভাগ ল’বলৈ ডিগবৈ সমষ্টিত নতুনকৈ অন্তভুক্ত হোৱা বুঢ়ীদিহিং মৌজাৰ বুঢ়ীদিহিং গাঁওঁ পঞ্চায়তৰ এক সভাত উপস্থিত থাকি বিধায়ক সুৰেণ ফুকনে ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহখেতিয়কে কেঁচা চাহ পাতৰ উচিত দৰ নোপোৱাত খঙত অগ্নিশৰ্মা হৈ বহিৰাগত বনিয়া পক্ষই নিজ খেয়ালখুচি মতে কেঁচা চাহ পাতৰ দৰ অভাৱনীয়ভাবে হ্ৰাস কৰি অহাৰ বিষয়ে ক্ষোভিত হৈ পৰে৷
বহিৰাগত বনিয়া চক্ৰই একচেটিয়া ভাবে কেঁচা চাহ পাতৰ দৰ নিৰ্ধাৰণ কৰি ৰাজ্যৰ লাখ লাখ থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কক লুণ্ঠন চলাই অহা বুলি বিষ্ফোৰক অভিযোগ উত্থাপন কৰি বহিৰাগত পুঁজিপতি বনিয়া পক্ষৰ বিৰুদ্ধে আন্দোলনত নামিবলৈ ৰাজ্যৰ দল-সংগঠন আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলক আহ্বান জনাই ৷ বহিৰাগত বনিয়া চক্ৰৰ বিৰুদ্ধে বিধায়ক সুৰেণ ফুকনে নিজেই কলঘৰৰ আগত বহি ফেক্টৰী বন্ধ কৰিবলৈ আন্দোলনত নমাৰো হুংকাৰ প্ৰদান কৰিছে ৷
লগতে পঢ়ক :Grenade Recovered in Moran : ব্যৱসায়ীৰ বাসগৃহত উদ্ধাৰ গ্ৰেনেড; আলফা (স্বাধীন) জড়িত থকাৰ সন্দেহ !