Local, Vocal, Global

Assam CM Himanta Biswa Sarma : মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ মন্তব্যৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, ২৪আগষ্ট : বিধায়ক ৰমাকান্ত দেউৰীয়ে চাকৰি সন্দৰ্ভত আগবঢ়োৱা বিস্ফোৰক মন্তব্যৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(MLA Ramakanta Deuri) ।

মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ মন্তব্যৰ সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰীক সোধা এক প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ,” “ৰমাকান্ত দেউৰীয়ে কৰা মন্তব্যই মোক অত্যন্ত অনুপ্ৰাণিত কৰিছে। মোক ভালকৈ কাম কৰি যোৱাৰ সাহস দিছে। কাৰণ এজন বিধায়কে নিজে হাত দাঙি দিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দুৰ্নীতি কৰি চাকৰি পাব নোৱাৰি। ইয়াতকৈ আৰু মোৰ বাবে গৌৰৱৰ কথা কি থাকিব পাৰে”(Assam CM Himanta Biswa Sarma) ।

ইমান সত্য কথা এটা অসমৰ ৰাইজক স্পষ্টভাৱে কোৱাৰ কাৰণে ৰমাকান্ত দেউৰীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এইটো সত্য কথা আজিৰ দিনত বিধায়ক এজনে চতুৰ্থ বৰ্গৰ চাকৰি এটাও দিব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াই মোক দায়িত্ব দিছিল অসমত চাকৰিৰ নামত যাতে দুৰ্নীতি নহয়। যোৱা দুটা দিনত হোৱা ঘটনাই প্ৰমাণ কৰিছে যে আমাৰ দিনত চাকৰিত দুৰ্নীতি হোৱা নাছিল। টেটৰ চাকৰি মই নিকা কৰি থৈছিলো(Assam CM Himanta Biswa Sarma) ।এতিয়াই মই তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নিকা কৰিব পাৰিলে মোৰ ৰাজনৈতিক জীৱনৰ এটা গৌৰৱৰ মুহূৰ্ত হব। এই মূহুৰ্তবোৰ মই মৃত্যুলৈকে সোঁৱৰি থাকিম যে এনেকুৱা এটা ভাল কাম জাতিটোৰ কাৰণে মই কৰি থৈ আহিব পাৰিছো।”

উল্লেখযোগ্য যে, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এক বিস্ফোৰক মন্তব্য কৰি কৈছিল যে, নামত হে বিধায়ক মই, চাকৰি এটাও দিব নোৱাৰো মই (Assam Government 4th Grade Job)।

লগতে পঢ়ক :MLA Ramakanta Deuri : মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিস্ফোৰক মন্তব্য