Local, Vocal, Global

MLA Prodip hazarika resigns from AGP : আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ দলীয় পদত্যাগ, অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ প্ৰদীপ হাজৰিকাৰ

নিউজ ডেস্ক , ১২ আগষ্ট : আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগ(MLA Prodip hazarika resigns from AGP) ৷ আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰোধিতাৰে বিধায়ক প্ৰদীপ হাজৰীকাৰ পদত্যাগ ৷ দলৰ সকলো সাংগঠনিক পদৰ পৰা পদত্যাগ কৰিলে বিধায়কগৰাকীয়ে ৷ লগতে আমগুৰি বিধান পৰিষদেও সমূহীয়াভাৱে পদত্যাগ কৰে ৷

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগ কৰিলে (AGP MLA Prodip Hazarika)। অগপ দলৰ সাধাৰণ সম্পাদকৰ লগতে দলৰ সমূহ বিষয়বাবৰ পৰা অব্যাহতি বিচাৰি সভাপতিলৈ পত্ৰ প্ৰেৰণ বিধায়কগৰাকীৰ। অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক পদত আছিল বিধায়কগৰাকী ৷ দলৰ সভাপতি অতুল বৰালৈ পত্ৰ লিখি পদত্যাগ কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চৃড়ান্ত তালিকাত আমগুৰি সমষ্টি বিলুপ্তি হোৱাৰ পাছতেই শনিবাৰে এই সিদ্ধান্ত ল’লে প্ৰদীপ হাজৰিকাই ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত আমগুৰি সমষ্টি বিলুপ্ত হোৱাৰ বিৰোধিতাত প্ৰতিবাদ কৰি পদত্যাগ বিধায়কগৰাকীৰ ৷ ইয়াৰ লগে লগে আমগুৰি বিধান পৰিষদেও সমূহীয়াভাৱে পদত্যাগ কৰে ৷

আমগুৰি সমষ্টি বিলুপ্তিৰ পাছতেই সমষ্টিবাসীয়ে তীব্ৰ প্ৰতিবাদ, প্ৰতিক্ৰিয়া তথা তেওঁৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি পত্ৰত উল্লেখ কৰে বিধায়কগৰাকীয়ে । বিধায়ক প্ৰদীপ হাজৰিকাই সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰখনত স্পষ্টভাৱে উল্লেখ কৰিছে যে- ‘বিধায়ক হিচাপেই নহয় অগপ দলৰ এজন জ্যেষ্ঠ কর্মকর্তা হিচাপেও দলৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখা আৰু নিজৰ সমষ্টিবাসী ৰাইজৰ ভৱিষ্যতৰ সুৰক্ষা দিয়াৰ বিফলতাৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ তৎকালে বলৱৎ হোৱাকৈ অগপ দলৰ সাধাৰণ সম্পাদক, দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ তথা সমূহ সাংগঠনিক বিষয় বাব আৰু দায়িত্বৰ পৰা অব্যাহতি বিচাৰি এই পত্ৰ যোগে মোৰ পদত্যাগ কৰিলো।’

‘আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব । বিশেষ আপুনি অৱগত যে অসমৰ লোকসভা আৰু বিধানসভাৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্দ্ধাৰণৰ অংশ হিচাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা যি চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে তাৰ পৰা উজনি অসমৰ প্ৰায় ৯৯% খিলঞ্জীয়া জনসাধাৰণৰ বসতিপ্ৰধান দুটাকৈ সমষ্টি, আমগুৰি আৰু লাহোৱালৰ নাম বাদ দিয়া হৈছে । ইয়াৰ ভিতৰত আমগুৰি সমষ্টিটো অসমৰ সবাটোকৈ পুৰণি আৰু ঐতিহাসিক সমষ্টিকেইটাৰ অন্যতম হোৱাই নহয় ছয়শ বছৰীয়া আহোম স্বৰ্গদেউ সকলৰ শাসনকাল আৰু পিছৰ ব্ৰিটিছ শাসনৰ সময়তো এই ভূখণ্ডই এক সুকীয়া ৰাজনৈতিক আৰু সামৰিক মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছিল । তদুপৰি বৰ্তমানৰ শিৱসাগৰ জিলাৰ পশ্চিম সীমাৰ পৰা আৰম্ভ হোৱা এই সমষ্টিৰ ভূখণ্ড সম্পূৰ্ণ প্ৰাকৃতিক সীমাৰে আগুৰা, যিটো ৰাজ্যখনৰ বহু সমষ্টিৰ ক্ষেত্ৰত দেখা পোৱা নাযায় । আপুনি এইটোও অৱগত যে যি বিলাক নীতি-নিৰ্দেশনাৰ দোহাই দি অসমৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰ জিলাৰ এটা সমষ্টি বিলুপ্ত কৰি জিলাখনৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতিনিধিত্ব কৰ্তন কৰা হল সেইসমূহ নীতি-নির্দেশনা একেখন ৰাজ্যৰে অন্য অংশত আখৰে আখৰে পালন কৰা হোৱা নাই ।’

আৰু লিখিছে ‘তদুপৰি ৰাজ্য চৰকাৰৰ সদিচ্ছা থকা হ’লে সমষ্টিৰ সীমা নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ প্ৰাক-মুহূর্তত ভালেকেইখন নৱগঠিত জিলাৰ পুনৰ গঠন প্ৰক্ৰিয়া স্থগিত ৰখা অথবা পূৰ্বৰ অবিভক্ত সীমা বাহাল ৰখাৰ দৰেই বিজেপি চৰকাৰৰ দিনত ঘোষিত চৰাইদেউ জিলা, অবিভক্ত শিৱসাগৰ জিলাৰ সৈতে পুণৰ একেলগ কৰি হলেও আমগুৰি সমষ্টি বিলুপ্ত কৰণ প্ৰক্ৰিয়া ৰোধ কৰিব পৰা গ’লহেঁতেন । কেৱল এয়ে নহয় পশ্চিম গুৱাহাটী, ছয়গাঁও, বঙাইগাঁও, অভয়াপুৰি ইত্যাদি অন্যান্য ভালেমান অগপ দলৰ প্ৰচুৰ জনসমর্থন থকা অথবা এই দলে প্ৰতিনিধিত্ব কৰা সমষ্টিৰ ক্ষেত্ৰটো এই সমষ্টিসমূহৰ পুনৰ সীমা নিৰ্দ্ধাৰণ দলৰ স্বাৰ্থৰ প্ৰতিকুলে হোৱা বুলি দলৰ তৃণমূল পৰ্যায়ত সর্বত্রে অভিযোগ উঠিছে । এই ক্ষেত্ৰত দলৰ জেষ্ঠ সদস্য অথবা বিষয়ববীয়া হিচাবে আমি দায়িত্বৰ পৰা মুক্ত হ’ব নোৱাৰো ।’

‘বিশেষতঃ আমগুৰি সমষ্টি মই ১৯৮৫ চনৰে পৰা প্ৰায় ৪ দশক জুৰি প্ৰতিনিধিত্ব কৰা কেৱল এটা সমষ্টি নহয় । ই মোৰ ৰাজনৈতিক জীৱনৰ এক কঠিয়াতলী আৰু মোৰ ৰাজনৈতিক যাত্ৰা পথৰ সকলো প্ৰেৰণাৰ উৎস । এক হিচাবে বৃহত্তৰ আমগুৰি আৰু আমগুৰি সমষ্টি বাসী ৰাইজৰ আশা-আকাংক্ষাক পূৰণৰ সীমিত লক্ষ্যৰেই এটা সময়ত মই মোৰ ৰাজনৈতিক জীৱন পৰিক্ৰমা আৰম্ভ কৰিছিলো । এই ফালৰ পৰা আজি সমষ্টিৰ বিধায়ক হৈ আৰু শাসনাধিস্থ দলৰ অংশীদাৰ হৈও অগপ দল আমগুৰিৰ দৰে এটা ঐতিহাসিক সমষ্টিৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়া ৰোধ কৰাত বিফল হোৱা আৰু নীৰৱ দৰ্শক হৈ ৰোৱা বুলি সমষ্টিবাসী সাধাৰণ নাগৰিক আৰু দলৰ তৃণমূল কর্মী সৰ্বস্তৰৰ পৰা আজি ধিক্কাৰ আহিছে ।’

‘ওপৰত উল্লেখ কৰা দিশ সমূহলৈ লক্ষ্য ৰাখি বিধায়ক হিচাপেই নহয় অগপ দলৰ এজন জ্যেষ্ঠ কর্মকর্তা হিচাপেও দলৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখা আৰু নিজৰ সমষ্টিবাসী ৰাইজৰ ভৱিষ্যতৰ সুৰক্ষা দিয়াৰ বিফলতাৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ তৎকালে বলৱৎ হোৱাকৈ অগপ দলৰ সাধাৰণ সম্পাদক, দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ তথা সমূহ সাংগঠনিক বিষয় বাব আৰু দায়িত্বৰ পৰা অব্যাহতি বিচাৰি এই পত্ৰ যোগে মোৰ পদত্যাগ কৰিলো। যোৱা সময়চোৱাত দলৰ সাধাৰণ সম্পাদক হিচাবে কাৰ্যসম্পাদন কৰা আৰু অন্যান্য দলীয় দায়িত্ব পালন কৰাত আপোনাৰ পৰা পোৱা সহায় সহযোগিতাৰ বাবে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা গ্ৰহণ কৰিব ৷’’

উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাই অগপত এতিয়া একপ্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছে ৷ শাসকীয় দল বিজেপিৰ মিত্ৰ দল হোৱাৰ বাবেই অগপৰ বিধায়ক-মন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ হোৱাৰ পাছত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছিল ৷

উল্লেখ্য যে খচৰা প্ৰকাশৰ পাছতেই নিৰ্বাচন আয়োগে গুৱাহাটীত তিনিদিনীয়াকৈ ৰাহুৱা শুনানি অনুষ্ঠিত কৰি বিভিন্ন গোটৰ নেতা-প্ৰতিনিধিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছিল ৷ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছত নিৰ্বাচন আয়োগে এক বিবৃতিযোগে কয় যে সকলো পক্ষৰ ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰিহে তালিকাখন প্ৰকাশ কৰা হৈছে ৷ কিন্তু এই তালিকা প্ৰকাশ পোৱাৰ পাছত অভিযোগ উত্থাপন হৈছে যে বিভিন্ন দল-সংগঠনৰ দাবী নৰজিল ৷ বৰঞ্চ আয়োগে চৰকাৰৰ অধিকাংশ পৰামৰ্শ কাৰ্যকৰী কৰিহে চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ৷

লগতে পঢ়ক : Constituency Delimitation : প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা , অনুসূচীত জাতি-জনজাতিৰ বাবে কোনকেইটা সমষ্টি ?