Local, Vocal, Global

Parshuram Kund Tragedy:অৱশেষত উদ্ধাৰ হ’ল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া সুবেন্দু চৌধুৰীৰ মৃতদেহ

নিউজ ডেস্ক, ২৮নৱেম্বৰ : অৱশেষত উদ্ধাৰ হ’ল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া সুবেন্দু চৌধুৰীৰ মৃতদেহ।SDRF আৰু NDRF যুটীয়া অভিযানত অৰুণাচল প্ৰদেশৰ লোহিত নদীৰ তেজুত উদ্ধাৰ সুবেন্দু চৌধুৰীৰ মৃতদেহ(Parshuram Kund Tragedy)।

উল্লেখ্য যে,এন এফ ৰে’লৱেৰ মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীয়ে বিভাগীয় কাৰ্যসূচী হাতত লৈ ২২ নৱেম্বৰত পত্নীসহ তিনিচুকীয়ালৈ আহিছিল ৷ তেওঁ শুকুৰবাৰৰ নিশা আন বিষয়াবৰ্গৰ সৈতে তিনিচুকীয়াত ৰে’লৱে দিহিং ক্লাবত নৈশ আহাৰ গ্ৰহণ কৰিছিল( Top NFR Railway Officer Drowns in Parshuram Kund During Holy Dip)।শুকুৰবাৰৰ নিশা দিহিং ক্লাবত নৈশ আহাৰ গ্ৰহণ কৰি শনিবাৰে পুৱা পাছিঘাটলৈ বুলি ৰাওনা হয় সুৰক্ষা বিষয়াগৰাকীয়ে।

দেওবাৰে ডাম্বুক হৈ পত্নীসহ পৰশুৰাম কুণ্ডলৈ গৈ তাতে লোহিত নদীৰ পানীত পৰি সন্ধানহীন হয় । অৱশেষত আজি উদ্ধাৰ কৰে এছ কে চৌধুৰীৰ মৃতদেহ(Missing NF Railway Officer’s Body Recovered)।

লগতে পঢ়ক:Priyanka Gandhi Vadra Sworn In As Lok Sabha MP: সাংসদৰূপে শপত গ্ৰহণ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ