Local, Vocal, Global

গৌৰাং নদীত সন্ধানহীন অন্তৰীক্ষ

নিউজ ডেস্ক, ৭ জুলাই : বুধবাৰে আবেলি অসমৰ কোকৰাঝাৰ জিলাৰ Gaurang নদীত ডুব যোৱা যুৱকৰ বৰ্তমানেও নাই কোনো সন্ধান ।

সন্ধানহীন যুৱকজন কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাৰ বাসিন্দা অন্তৰীক্ষ শৰ্মা বুলি চিনাক্ত কৰা হৈছে ।

কোকৰাঝাৰৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (BBEC) ৰাসায়নিক অভিযান্ত্ৰিক (chemical engineering) বিভাগৰ দ্বিতীয় ছেমিষ্টাৰৰ ছাত্ৰ আছিল অন্তৰীক্ষ শৰ্মা(১৯) ।

স্থানীয় লোকসকলৰ মতে, বি বি ইঞ্জিনিয়াৰিং কলেজৰ পাঁচজনীয়া ছাত্ৰৰ এটি দলে প্ৰচণ্ড গৰমৰ হেতুকে আজি আবেলি ৪:৩০ মান বজাত কোকৰাঝাৰ সদৰ চহৰৰ গাতে লাগি থকা চান্দামাৰীৰ গৌৰাং নদীত গা ধুবলৈ আহে । গৌৰাং নৈৰ পানীত গা ধুই থাকোতেই অন্তৰীক্ষ শৰ্মা নামৰ ছাত্ৰজন নদীৰ পানীৰ তীব্ৰ সোঁতৰ দ্বাৰা উটি গৈ নিৰুদ্দেশ হৈছিল।

ইফালে, জিলা আৰক্ষী বাহিনীৰ সৈতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে (এছডিআৰএফ) মৃতদেহটো উদ্ধাৰৰ বাবে ব্যাপক তালাচী অভিযান চলাই আছে। অৱশ্যে, বৰ্তমান সময়লৈকে শৰীৰটোৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।