Dibrugarh Drowning : ১৩ দিনৰ পিছত উদ্ধাৰ অনন্ত কাকতিৰ মৃতদেহ
ডিব্রুগড় , ২১ নৱেম্বৰ : ডিব্রুগড়ত সংঘটিত হৈছিল এক মৰ্মান্তিক দুৰ্ঘটনা । মাকৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছিল দুই ভাতৃ(Dibrugarh Siblings Go Missing) । ডিব্রুগড়ৰ মোহনঘাটত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনাটো।
জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা যুৱক দুজন আমোলাপট্টিৰ দিগন্ত কাকতি আৰু অনন্ত কাকতি । দুয়োজন ককায়েক-ভায়েক আছিল আৰু দুয়ো মাকৰ পিণ্ড দিবলৈ ব্ৰহ্মপুত্ৰলৈ গৈছিল আৰু তেতিয়াই সন্ধানহীন হৈ পৰে ( Siblings From Dibrugarh Goes Missing In Brahmaputra)।
১৩ দিন পূৰ্বেই নিখোঁজ হোৱা দুই ভাতৃৰ আজি পুৱা পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় কনিষ্ঠ ভাতৃ অনন্ত কাকতিৰ মৃতদেহ(Dibrugarh Drowning)।
উল্লেখ্য যে, ১৩ দিনৰ পিছত মোহনাঘাটৰ সেই স্থানতে উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। মৃতদেহ টো কনিষ্ঠ ভাতৃ অনন্ত কাকতি বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। কেইদিনমানৰ পূৰ্বে উদ্ধাৰ হৈছিল জ্যেষ্ঠ ভাতৃ দিগন্ত কাকতৰি মৃতদেহ(Missing Brother’s Body Recovered after 2 Weeks)।
মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ।
লগতে পঢ়ক :Dibrugarh Siblings Go Missing : এক মৰ্মান্তিক দুৰ্ঘটনা;মাকৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন দুই ভাতৃ