Local, Vocal, Global

Uttarakhand Tunnel Rescue : উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ প্ৰথম দৃশ্য মুকলি

নেশ্যনেল ডেস্ক , ২১নৱেম্বৰ : ১২ নৱেম্বৰ দীপাৱলীৰ দিনা উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত সংঘটিত হৈছিল এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । এই ভয়ংকৰ ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰে ৪১জনকৈ শ্ৰমিক । উত্তৰকাশীৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনাটো (Uttarkashi Silkyara Tunnel Accident) ৷

উল্লেখ্য যে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত যমুনোত্ৰীলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ যাত্ৰাৰ সময় হ্ৰাস আৰু সহজ কৰি তুলিবলৈ এই সুৰংগটো নিৰ্মাণ কৰি থকা হৈছে । চিল্কিয়াৰাত নিৰ্মাণ কৰা সুৰংগটোৱে ধাৰাচুৰ পৰা যমুনোত্ৰীলৈ দূৰত্ব ২৬ কিলোমিটাৰ হ্ৰাস কৰিব । এই সুৰংগটো ব্ৰহ্মখাল আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চিল্কিয়াৰা আৰু দানদাল গাঁৱৰ মাজত নিৰ্মাণ কৰা হৈছে(Uttarkashi Tunnel Rescue Operation ) ।

বৰ্তমানেও সুৰংগ পথৰ ভিতৰত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত চলি থকা সাহায্য অভিযানৰ আজি দশম দিন । কিন্তু এতিয়ালৈকে সাহায্য উদ্ধাৰকাৰী দলটোৱে কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।১০দিন উকলি যোৱাৰ পিছতো উদ্ধাৰ হোৱা নাই উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক ।

প্ৰাপ্ত তথ্য অনুসৰি, আজি দশম দিনা অভিযানকাৰী দলটোৱে এক উল্লেখনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আজি সুৰংগটোৰ ভাঙি পৰা অংশত অভিযানকাৰী দলটোৱে সফলতাৰে এণ্ড’স্কপি কেমেৰা সুমুৱাবলৈ সক্ষম হৈছে(First Visuals Of Trapped Workers Released)।

এণ্ড’স্কপি কেমেৰা জড়িয়তে আৱদ্ধ শ্ৰমিকসকলৰ প্ৰথম ভিজুৱেল দেখিবলৈ পোৱা গৈছে। লগতে উদ্ধাৰকাৰী দলটোৱে ছিলকিয়াৰা সুৰংগৰ ভিতৰত পাইপলাইন স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে শ্ৰমিকসকলৰ স্বাস্থ্যৰ খবৰৰ বাবে আৱদ্ধ হৈ থকা প্ৰতিজন শ্ৰমিকৰ লগতেই কথা পাতে(Uttarakhand Tunnel Rescue)।

উল্লেখযোগ্য যে, উদ্ধাৰকাৰী দলে ১০ দিনৰ অন্তত পাহাৰৰ ওপৰৰ অংশৰ পৰা সুৰংগটোলৈ উলম্ব ড্ৰিলিং মেচিন স্থাপন কৰিবলৈ সক্ষম হৈছিল। হাৰবাঞ্জ নামৰ এই মেচিনটো স্থানত কৰোতে ১৩ ঘণ্টা আৰু ৩খন বাহনৰ প্ৰয়োজন হৈছিল। উদ্ধাৰ অভিযানত লাভ কৰা এই অগ্ৰগতিৰ পিছতে নৱম দিনটোত ৬ ইঞ্চি বহল পাইপলাইন এটা ধ্বংসাৱশেষৰ মাজেৰে সুমুৱাই দিয়া হৈছিল, যাৰ জৰিয়তে আবদ্ধ শ্ৰমিকসকলক খাদ্য আৰু দৰৱ প্ৰেৰণ কৰা হৈছিল(Initial Images Emerge of 41 Workers Trapped in Uttarkashi Tunnel)।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে, উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ প্ৰচেষ্টা দ্ৰুতগতিত চলি আছে। তেওঁ লগতে কয় যে, দুৰ্ঘটনাৰ স্থানত উপস্থিত হোৱা শ্ৰমিকসকলৰ আত্মীয়ৰ ভ্ৰমণ, থকাৰ ব্যৱস্থা, আৰু খাদ্যৰ ব্যৱস্থা উত্তৰাখণ্ডৰ চৰকাৰৰ তৰফৰ পৰা কৰা হ’ব।

লগতে পঢ়ক :Uttarakhand tunnel collapse : উত্তৰকাশীৰ চিল্কিয়াৰাৰ সমীপৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে