Local, Vocal, Global

হিমাচল প্ৰদেশত অঘটন

নিউজ ডেস্ক, ২০ জুন : হিমাচল প্ৰদেশৰ Timber Trail Parwanooত কাৰিকৰী বিজুতিৰ ফলত এঘাৰজন পৰ্যটক থকা এখন Cable Car মধ্য বতাহত আৱদ্ধ হৈ পৰে।

অৱশ্যে, তেওঁলোকৰ উদ্ধাৰৰ বাবে আন এখন Cable Car মোতায়েন কৰা হৈছে আৰু আৰক্ষীয়ে অভিযানটো নিৰীক্ষণ কৰি আছে ।

ঘটনাসন্দৰ্ভত বক্তব্য ৰাখি SP (Solan) ভাৰিন্দৰ শৰ্মাই কয় যে ৰিজৰ্টৰ কৰ্মচাৰীসকলে চাৰিজন লোকক উদ্ধাৰ কৰিছে। তেওঁ লগতে কয় যে আৱদ্ধ হৈ থকা সকলো লোক দিল্লীৰ পৰ্যটক।

Cable Carত আৱদ্ধ হৈ থকা লোকসকলক ৰচীৰ জৰিয়তে তললৈ নমাই অনাৰ প্ৰচেষ্টা চলাইছে যদিও সকলো লোকক বৰ্তমানসময়লৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই ।