Local, Vocal, Global

Miscreants stone night super bus in Numaligarh : নৈশবাছলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ

নিউজ ডেস্ক,১৪মে’ : নৈশবাছত দুৰ্বৃত্তৰ আক্ৰমণ। নৈশবাছলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ । দুৰ্বৃত্তৰ আক্ৰমণত ভাঙি চূৰ্ণ-বিচূৰ্ণ হয় নৈশ বাছৰ গ্লাছ। AR SUPERৰ LUXURIA নামৰ AS 01PC7917 নম্বৰৰ বাছখনলৈ শিলগুটি দলিয়াই আক্ৰমণ কৰে দুৰ্বৃত্তই। বোকাখাত আৰু নুমলীগড়ৰ মাজৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা স্থানত সংঘটিত হয় এই ঘটনা।সোমবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(Miscreants stone night super bus in Numaligarh)।

ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বাছখন ।বাছখনত প্ৰায় ২৮-৩২জন যাত্ৰী আছিল(Miscreants stone night super bus in Numaligarh)।

জানিব পৰা মতে, এই বাছখনত আছিল অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠক । ভূষণ পাঠকে সামাজিক মাধ্যমত ভিডিঅ’ৰ যোগেদি সম্পূৰ্ণ ঘটনা প্ৰকাশ কৰিছে। ভূষণ পাঠকে তেওঁৰ ভিডিঅ’ত জনোৱা মতে, তেওঁ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আছিল। প্ৰায় ২ বজাত কোনো দুৰ্বৃত্তই বাছখনলৈ শিলগুটি নিক্ষেপ কৰে। বোকাখাত-নুমলীগড়ৰ মাজতে সংঘটিত হয় এই ঘটনা। অলপৰ কাৰণে যাত্ৰীৰ মূৰত নপৰিল শিল।

শেষত বাছখনৰ কৰ্মচাৰীয়ে খিৰিকিৰ গ্লাছখন জোৰা-টাপলি মাৰি পুনৰ যাত্ৰা আৰম্ভ কৰে। কোনো লোকে সুৰাপান কৰি এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

লগতে পঢ়ক : Fire damages hotel in Sonamarg : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত এখন হোটেল