Local, Vocal, Global

Miscreants attempt to kill businessman by pouring petrol : ব্যৱসায়ীক পেট্ৰল ঢালি জুই লগাই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

গোৰেশ্বৰ,৮ এপ্ৰিল : ব্যৱসায়ীক পেট্ৰল ঢালি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ।

গোৰেশ্বৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা(Miscreants attempt to kill businessman by pouring petrol) ।

সোমবাৰে তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত ৰেইনব’ ইংলিছ ৰোডত এজন ব্যৱসায়িক দুৰ্বৃত্তই পেট্ৰল ঢালি প্ৰাণে মৰাৰ চেষ্টা কৰে ।

জানিব পৰা মতে, চুকদেৱ সাহা নামৰ ব্যৱসায়ি জনক নিজৰ প্ৰতিষ্ঠানতেই পেট্ৰল ঢালি প্ৰাণে মৰাৰ চেষ্টা কৰে ।

ঘটনাৰ বিৱৰণী মতে, সোমবাৰে ৰাতিপুৱা চুকদেৱ সাহাই নিজৰ গেলামাল দোকানখন খুলিব লওতেই গ্ৰাহক ৰূপী কোনো অচিনাক্ত দুৰ্বৃত্তই মিঠাতেল ক্ৰয় কৰিবলৈ বুলি দোকানৰ ভিতৰত সোমাই যায় আৰু চুকদেৱ সাহাক পেট্ৰল নিক্ষেপ কৰি জুই লগাই ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ চাটাৰ বন্ধ কৰি পলাই যায় আক্ৰমণকাৰী। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

বৰ্তমান আহত চুকদেৱ সাহাক GMCH লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে(Miscreants attempt to kill businessman by pouring petrol)।

লগতে পঢ়ক : Bodies of two including a girl found hanging from tree : বাগিচাত চীপ লৈ আত্মহত্যা যুৱক-যুৱতীৰ