Local, Vocal, Global

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

নিউজ ডেস্ক,৩০ মাৰ্চঃ বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ।
দিল্লী আৰক্ষীৰ মতে, বুধবাৰে পুৱা ১১.৩০ বজাৰ পৰা ১.৫০ বজালৈ বিজেপিৰ কৰ্মকৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু তাৰ কিছু সময় পিছতেই একাংশ কাৰ্যকৰ্তাই মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰৰ বাহিৰত বিৰোধ কৰে।

উত্তৰ দিল্লীৰ ডিচিপিয়ে এই সন্দৰ্ভত কয়- ”বিজেপি যুৱ মৰ্চাৰ প্ৰতিবাদ চলি আছিল, য’ত প্ৰতিবাদকাৰীসকলে হুলস্থূল সৃষ্টি কৰিছিল, চিচিটিভি আক্ৰমণ কৰিছিল, গেটত ৰং ছটিয়াই দিয়া হৈছিল। আমি ৫০ জন লোকক আটক কৰিছোঁ।”

উল্লেখ্য যে, বিজেপিৰ কাৰ্যকৰ্তাই আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালে কাশ্মীৰ পণ্ডিত সকলক লৈ কৰা মন্তব্যৰ বিৰোধীতা কৰি বিৰোধ প্ৰদৰ্শন কৰে। কিন্তু এই প্ৰতিবাদত হিংসাত্মক কাৰ্য হোৱা বুলি জানিব পৰা গৈছে।