Local, Vocal, Global

দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ এখন গাঁৱত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে নাবালিকাৰ মৃতদেহ

নিউজ ডেস্ক, ১৯ আগষ্ট : শুকুৰবাৰে পুৱা দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ এখন গাঁৱত উদ্ধাৰ হৈছে এগৰাকী নাবালিকাৰ মৃতদেহ ।

জিলাখনৰ আৰাতাৰ (Aaratar ) গাঁৱত সংঘটিত হৈছে এই ঘটনাৰ।

খবৰ অনুসৰি, নাবালিকাগৰাকীৰ মৃতদেহটোৰ ডিঙিত ৰছী মেৰিয়াই থোৱা অৱস্থাত পোৱা গৈছিল। আৰু তাইৰ মুখখনো শুকান পাতেৰে খোপা (gagged) দি থোৱা আছিল।

উল্লেখ্য যে, মৃত নাবালক ছোৱালীজনীক আব্বাছ আলীৰ কন্যা আবিদা চুলতানা বুলি চিনাক্ত কৰা হৈছে।

পৰৱৰ্তী সময়ত, পৰিস্থিতি মূল্যায়ন কৰিবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল।

সন্দেহ অনুসৰি ছোৱালীজনীক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল। অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ পিছত হে তাইৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

বৰ্তমান ঘটনা সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান অব্যাহত আছে।