Local, Vocal, Global

Gang rape in Jorhat : যোৰহাটত নাবালিকাক দলবদ্ধ ধৰ্ষণ

নিউজ ডেস্ক, ৩০জুলাই : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Gang rape in Jorhat) ।

বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা । এটাৰ পিছত আন এটা ধৰ্ষণ কাণ্ডই জোকাৰিছে দেশ ।

ৰাজ্যত পুনত ধৰ্ষণকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ। এইবাৰ যোৰহাটত সংঘটিত হৈছে আন এক জঘন্য ঘটনাৰ ।এইবাৰ নাবালিকাই দলবদ্ধ ধৰ্ষণ বলি হল যোৰহাটতত ।

নৃশংস ! ঘৃণনীয়! যোৰহাটত এগৰাকী নাবালিকাই প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ অভিযোগ ৷

প্ৰাপ্ত তথ্য অনুসৰি, এই ঘৃণনীয়কাণ্ডটো সংঘটিত হৈছিল বিগত ২১ জুলাইত ৷ কিন্তু শনিবাৰ,২৯ জুলাইত হে পোহৰলৈ আহিছে এই ঘৃণনীয়কাণ্ডটো ৷

জানিব পৰা মতে, ভুক্তভোগীৰ পৰিয়ালৰ লোকে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যোৰহাট পুলিবৰ আৰক্ষী চকীত ৷ কিন্তু ভুক্তভোগীৰ পৰিয়ালে যোৰহাট পুলিবৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতো পুলিবৰ আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীৰ পৰিয়ালৱে ৷

সেয়ে ভুক্তভোগী পৰিয়ালটোৱে উপায়বিহীন হৈ যোৰহাটৰ আৰক্ষী অধীক্ষকক এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অৱগত কৰে ।

ভুক্তভোগীৰ পৰিয়ালে এজাহাৰত উল্লেখ কৰা মতে, উত্তৰ পশ্চিম যোৰহাটৰ এখন এল পি স্কুলৰ এটা কোঠাত নাবালিকাক আবদ্ধ কৰি কেইবাজনো যুৱকে মাস্ক পৰিধান কৰি ওৰে নিশাই দলবন্ধ ধৰ্ষণ কৰে ।

ভুক্তভোগী পৰিয়ালৰ সদস্যই অভিযোগ কৰা মতে, এজন যুৱকে ভুক্তভোগী নাবালিকা গৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিলে আৰু সেই প্ৰস্তাৱ নাবালিকা গৰাকীয়ে প্ৰত্যাখ্যান কৰিছিল আৰু যুৱকজনে নবালিকা যুৱতীগৰাকীক অপহৰণ কৰি স্কুলৰ এটা কোঠাত দলবদ্ধ ধৰ্ষণ কৰে।

ইতিমধ্যে এই নাৰকীয় আৰু জঘন্য ঘটনাৰ ন্যায় প্ৰদান কৰিবলৈ নাবালিকাৰ পৰিয়ালটোৱে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনায় । এই জঘন্য ঘটনাৰ বাবে বৰ্তমান সমগ্ৰ যোৰহাটতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Gang Rape In Mirzapur : নাবালিকাক দলবদ্ধ ধৰ্ষণ , বিজেপি নেতা জড়িত থকাৰ অভিযোগ