Local, Vocal, Global

Minor Boy Brutally Killed With Electric Saw Over Innocent Request : মানুহ কিমান নিশংস হ’ব পাৰে তাৰে যেন এক উদাহৰণ

ওদালগুৰি, ৯ নৱেম্বৰ : এক চাঞ্চল্যকৰ ঘটনা । মানুহ কিমান নিশংস হ’ব পাৰে তাৰে যেন এক উদাহৰণ । হত্য়া, হিংসাই গ্ৰাহ কৰা সমাজত পুনৰ আন এক নিশংস হত্য়াকাণ্ডৰ ঘটনা ।

এইবাৰ ৮বছৰীয়া কিশোৰক কাঠ কটা মেচিনেৰে হত্যা কৰাৰ অভিযোগ(Minor Boy Brutally Killed With Electric Saw Over Innocent Request) ।

ওদালগুৰিৰ মেধিপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাটো । কাঠ কটা মেচিনেৰে ৮ বছৰীয়া কিশোৰক হত্যা কৰাৰ বিস্ফোৰক অভিযোগ এজন লম্পটৰ বিৰুদ্ধে(Minor Boy Brutally Killed With Electric Saw Over Innocent Request) ।

ঘটনা অনুসৰি, এগৰাকী কণমানি কিশোৰীয়ে এই সমগ্ৰ শিহৰণকাৰী দৃশ্য প্ৰত্যক্ষ কৰে । প্ৰত্যক্ষদৰ্শী কণমানি কিশোৰীগৰাকী জনোৱা অনুসৰি, এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল দেওবাৰে । দেওবাৰে ওদালগুৰি জিলাৰ সাপমাৰি আৰক্ষী চকীৰ অন্তৰ্গত মেধিপাৰা গাঁৱৰ আজাত আলীৰ ৮ বছৰীয়া পুত্ৰ ৰছিদ আনছাৰিয়ে আজাত আলীৰ নামৰ লোক এজনৰ ঘৰৰ পিছফালে থকা /S AKTAR FURNITURE /TIMBER SHOP নামৰ মিলত ক্ৰিকেট বেট বনাবলৈ গৈছিল । সেই সময়তে মিনত কাম কৰি থকা মজনু আলীয়ে বিদ্যুৎ চালিত কাঠ কাটাৰ(কৰাত) মেচিনত ইচ্ছাকৃতভাৱে কণমানি ল’ৰাজনৰ মূৰত হেচি ধৰা বুলি অভিযোগ কৰে । সেই শিহৰণকাৰী দৃশ্য প্ৰত্যক্ষ কৰি ওচৰতে থকা আন এজনী কণমানি ছোৱালীয়ে চিঞৰ-বাখৰ কৰে । কণমানি ছোৱালীয়ে চিঞৰ-বাখৰ শুনি ঘটনা স্থলীৰ পৰা পলা‌য়ন কৰে মজনু আলী ।

এই ভয়ংকৰ ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় ৰছিদ আনছাৰি । লগে লগে কিশোৰগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যুক সাৱতি লয় কিশোৰগৰাকীয়ে ।

পিছত কিশোৰগৰাকীক মৰণোত্তৰ পৰীক্ষা কৰি সোমবাৰে জানাজা সম্পন্ন হয় । কিন্তু ৰহস্যজনকভাৱে ঘটনাৰ তিনিদিন উকলি যোৱাৰ পিছতো থানাত এজাহাৰ দিয়া নাছিলে ভুক্তভোগীৰ পৰিয়ালে ।

খবৰ অনুসৰি, একাংশ দালাল আৰু অবৈধ মিলখনৰ মালিক মইনুল হকে মেনেজৰ চেষ্টা চলাইছিল পৰিয়ালক(Minor Boy killed with a wooden machine in udalguri) ।

অৱশেষত বুধবাৰে ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাৰ পিছত হত্যাৰ অভিযুক্ত মজনু আলী, মিলখনৰ মালিক মইনুল হক আৰু মাৰফত আলীৰ বিৰুদ্ধে এজাহাৰ লিখি থানালৈ গৈ নাপাওঁতেই ৰহস্যজনকভাৱে এজাহাৰৰ পৰা মইনুল হক আৰু মাৰফতৰ নাম নোহোৱা হৈ পৰে । একাংশ দালালৰ হেঁচাত আধবাটতে এজাহাৰ সলনি হোৱাৰ সন্দেহ ।

ইফালে বনবিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ গাঁৱত এইদৰে কাঠফুলাৰ দৰে গঢ়ি উঠিছে ঘাতকৰূপী অবৈধ কাঠফলা মিল । প্ৰশ্ন হয়, এইদৰে প্ৰকাণ্ড -প্ৰকাণ্ড পাহাৰীয়া মূল্যবান গছ কাটি তহিলং কৰি আজবাৱ বনোৱাৰ অনুমতি আছে নে M/S AKTAR FURNITURE /TIMBER SHOP নামৰ প্ৰতিষ্ঠানটোৰ ? উত্তৰ আছে নে ওদালগুৰি বন বিভাগ তথা মাজবাট আঞ্চলিক বন সংমণ্ডলৰন ?

লগতে পঢ়ক : Volvo Bus Catches Fire In Gurugram : নৈশবাছত ভয়ংকৰ অগ্নিকাণ্ড; দুজন নিহত, ১২ জন যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ