মন্ত্ৰী বিমল বৰাৰ নামত ভূৱা একাউণ্ট খুলি ধন দাবী দুষ্ট চক্ৰৰ

নিউজ ডেক্স,১১জুলাই : টিংখং সমষ্টিৰ বিধায়ক মন্ত্ৰী বিমল বৰাৰ নামত ভূৱা একাউণ্টেৰে ধন বিচাৰি বাৰ্তা প্ৰেৰণ দুষ্ট চক্ৰৰ।
মন্ত্ৰী বিমল বৰাৰ ফটো আৰু 7780915086 নম্বৰটো ব্যৱহাৰ কৰি বিভিন্ন ব্যৱসায়ী, ACS বিষয়ালৈ ধন বিচাৰি মেচেজ দিছিল দুষ্টচক্ৰটোৱে।
ফোন কৰিব মানা কৰি মেছেজত কথা পাতিবলৈ কোৱা হৈছিল আৰু অনলাইনৰ জৰিয়তে ধন বিচাৰিছিল এই চক্ৰটোৱে। ইতিমধ্য মন্ত্ৰীজনৰ নামত বহুজনৰ পৰা দুষ্ট চক্ৰটোৱে ধন সৰকাইছে বুলি অভিযোগ উঠিছে।
এই সন্দৰ্ভত বিমল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ‘কোনো দুষ্ট চক্রই সহজে ধন ঘটিবৰ বাবে এই কাম কৰিছে’। এই ঘটনাৰ বাবে দিছপুৰ থানাত মন্ত্ৰী বিমল বৰাই এজাহাৰ দাখিল কৰিছে।