মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
হোজাইৰ বান পৰিস্থিতি বুজ ল’বলৈ যোৱাৰ বাটতে দুৰ্ঘটনাত পতিত হয় মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহনখন। হোজাইৰ বৰবহাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
সেনাবাহিনীৰ এখন বাহনক অভাৰটেক কৰিব লোৱাৰ সময়ত পিছফালৰ পৰা ব’লেৰ বাহনখনে সেনাৰ বাহনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ।
দুৰ্ঘটনাত পতিত হোৱা বলেৰখনৰ নম্বৰ AS 02 AA 1043। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাহনখনৰ চালকজন। ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছেএই ঘটনা।
লগতে এই বাহনখনত অহা প্ৰেমেশ্বৰ বৰা, ধৰণি শইকীয়া, ভৰত চন্দ্ৰ বৰা আৰু মজমুল আহমেদ নামৰ চাৰিজন লোক আঘাটপ্ৰাপ্ত হৈছে।