অসম কেবিনেটত লোৱা গুৰুত্তপূৰ্ণ সিদ্ধান্তসমূূহ
গুৱাহাটী-শিলচৰ জৰুৰীকালীন বিমান
*ডিমা হাছাও-বৰাক উপত্যকাত বান আৰু ভূমিস্খলনৰ ফলত হোৱা যাতায়ত সংকট হ্ৰাস কৰিবলৈ শিলচৰ আৰু *গুৱাহাটীৰ মাজত ৩০০০ টকা ৰাজসাহায্যযুক্ত হাৰত জৰুৰীকালীন বিমান সেৱা আৰম্ভ কৰা হʼব।
*এই সন্দৰ্ভত অসম পৰ্যটন উন্নয়ন নিগমে ফ্লাই বিগ এয়াৰলাইঞ্চৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব
*কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয় আৰু গুৱাহাটীৰ পল্টন বজাৰস্থিত অসম বজাৰস্থিত অসম পৰ্যটন উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয়ত বিশেষ কাউন্টাৰত ঊপলব্ধ হʼব।
*বুকিংৰ বাবে যোগাযোগ কৰক ৮১৩৫৯০২৯৭৩/ ৮৬৩৮০২৩৯২১
*৮১৩৫৯০২৯৭৩ নম্বৰত ইউ পি আই এপৰ জৰিয়তে অনলাইন পৰিশোধ কৰক
পদোন্নতি নিশ্চিতকৰণ
*অসম সচিবালয়ৰ দ্বিতীয় আৰু প্ৰথম শ্ৰেণীৰ ষ্টেনʼগ্ৰাফাৰ পদলৈ উন্নীতকৰণৰ বাবে তৃতীয় আৰু দ্বিতীয় শ্ৰেণীৰ ষ্টেনʼগ্ৰাফাৰৰ শৈক্ষিক শ্ৰেণীৰ অৰ্হতাৰ এককালীন শিথিলতা
*যোগ্য ষ্টনʼগ্ৰফাৰসকলৰ পদোন্নতিৰ সুবিধা নিশ্চিত কৰা হʼব, বিশেষকৈ ১৪ গৰাকী ষ্টেনʼগ্ৰাফাৰ – যিসকলে ইতিমধ্যে ২৫ বছৰতকৈ অধিক সময় নিৰন্তৰভাৱে এই ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে আৰু এই সময়ছোৱাত *কোনো ধৰণৰ পদোন্নতি নোহোৱাকৈ অহা ১-৩ বছৰত অৱসৰ গ্ৰহণ কৰিব
আধাৰ কাৰ্ডবিহীন অনলাইন পঞ্জীয়ন
*আধাৰ কাৰ্ডবিহীন ব্যক্তিসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ লক্ষ্যৰে নিয়োগ বিনিময় কেন্দ্ৰত আধাৰ কাৰ্ডবিহীন অনলাইন পঞ্জীয়নৰ অনুমোদন
দুগ্ধ খণ্ডৰ উন্নয়ন
*অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বʼৰ্ডৰ মাজত এক যৌথ কোম্পানী গঠনত অনুমোদন
*এই যৌথ কোম্পানী ৭ জানুৱাৰী , ২০২২ ত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সৈতে সংগতি ৰাখি আৰু অসম চৰকাৰ আৰু *ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বʼৰ্ডৰ মাজত ৫০:৫০ অংশীদাৰিত্ব তথা ৫ কোটিৰ প্ৰাৰম্ভিক শ্বেয়াৰ মূনধনৰ সৈতে গঠন কৰা হʼব
ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত ন পদক্ষেপ
- ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়(এন এফ এচ ইউ)ৰ অসম চৌহদ স্থাপনত নীতিগত অনুমোদন
- স্থায়ী এন এফ এছ ইউ অসম চৌহদ নিৰ্মাণ হোৱালৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত সাময়িক চৌহদ স্থাপন কৰা হব।
ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত দক্ষতা নিৰ্মাণত অৰিহনা
*দক্ষ ফৰেনছিক বিশেষজ্ঞৰ এটি গোট সৃষ্টিঅনলাইন চিকিৎসাজনিত ব্যয় পৰিশোধ
*চৰকাৰী কৰ্মচাৰী তথা তেওঁলোকৰ নিৰ্ভৰশীল ব্যক্তি, চৰকাৰী পেঞ্চনাৰ তথা তেওঁলোকৰ জীৱনসংগীৰ বাবে অনলাইন চিকিৎসা ব্যয় পৰিশোধ মাচুল
*অটল অমৃত অভিযান ছ’চাইটিৰ দ্বাৰা পৰিচালিত হ’ব লগা পৰিশোধৰ আবেদন সমৰ্পিত আই টি পৰ্টেলৰ জৰিয়তে সম্পন্ন
*লাভালাভ
*প্ৰায় ৩০লাখ ৰাজ্যিক কৰ্মচাৰী,
পেঞ্চনাৰ আৰু তেওঁলোকৰ নিৰ্ভৰশীল ব্যক্তি লাভাম্বিত হব
*চিকিৎসা ব্যয় পৰিশোধ প্ৰক্ৰিয়াৰ ত্ত্বৰাম্বিতকৰণ
বিদ্যুতৰ চাহিদা পূৰণ
*নেইভেলি উত্তৰ প্ৰদেশ পাৱাৰ লিমিটেডৰ উওৰ প্ৰদেশৰ ঘটমপুৰস্থিত ৩ পূৰণ ৬৬০ মেগাৱাট কয়লা আধাৰিত বিদ্যুত প্ৰকল্পৰ পৰা প্ৰতি ইউনিটত
৪.৫২ টকা হাৰত ২০২৩ চনৰ মাৰ্চৰ পৰা ৪৯৫ মেগাৱাত ক্ৰয়ৰ অনুমোদন
*ই আগন্তুক বৰ্ষসমূহত শক্তি সুৰক্ষা নিশ্চিত কৰাৰ লগতে শক্তিৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিব
*২৪×৭ বিদ্যুত যোগান নিশ্চিত কৰাৰ দিশত ই এক ডাঙৰ পদক্ষেপ
জৈৱ প্ৰযুক্তি নীতিৰ সম্ৰসাৰণ
*জৈৱ-প্ৰযুক্তি খণ্ডত সম্ভাৱনা বৃদ্ধিৰ বাবে ১জানুৱাৰী ২০২৩ ৰ পৰা ৩১ ডিচেম্বৰ ২০২৭ লৈ পাঁচ বছৰৰ বাবে জৈৱ-প্ৰযুক্তি নীতিৰ সম্প্ৰসাৰন
খাদ্য সুৰক্ষা
*ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ নিৰ্দিষ্ট ধাৰা অনুসৰি অসম ৰাজ্যিক খাদ্য সুৰক্ষা নিয়মাৱলী, ২০২২ প্ৰস্তুতত অনুমোদন
*বৈশিষ্ট্যসমূহ
*অভ্যন্তৰীণ অভিযোগ নিষ্পত্তি প্ৰণালী’ৰ ব্যৱস্থা প্ৰৱৰ্তন
*ৰাজ্য চৰকাৰক গুৱাহাটীত মুখ্য কাৰ্যালয়ৰ সৈতে ৰাজ্যিক খাদ্য আয়োগ গঠনৰ ক্ষমতা প্ৰদান
*টি পি ডি এছৰ অধীনত সুলভ মূল্যৰ দোকানৰ কাম-কাযৰ সামাজিক হিচাপ পৰীক্ষণ
*৪ টা স্তৰত সৰ্তকতা আৰু নিৰীক্ষণ সমিতি – ৰাজ্যিক স্তৰ, জিলা স্তৰ, খণ্ড স্তৰ আৰু এফ পি এছ স্তৰ
ছ’চাইটীৰ নৱীকৰণত শিথিলতা
*১বছৰৰ অধিক নৱীকৰণৰ ক্ষেত্ৰত প্ৰতি বছৰে পেনাল্টী হিচাপে ২,০০০ টকা পৰিশোধৰ বাবে সমবায় পঞ্জীয়ন আইন, ১৮৬০ৰ ৰাজ্যিক সংশোধনী বিধেয়কত অনুমোদন
অভিযন্তা নিয়োগত উৎসাহী পদক্ষেপ
*অসম অভিযান্ত্ৰিক সেৱা নিযুক্তি পৰিষদৰ জৰিয়তে কেডাৰৰ পোণপটীয়া নিযুক্তি সৰল কৰিবলৈ অসম কাৰিকৰী শিক্ষা সেৱা নিয়মাৱলী,১৯৮১ সংশোধন।