Local, Vocal, Global

Methamphetamine and heroin seized in mizoram : অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ বৃহৎ সফলতা; মিজোৰামত জব্দ ৩৫ কোটি টকাৰ মেথামফেটামাইন আৰু হেৰ’ইন

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : পুনৰ চুবুৰীয়া ৰাজ্য মিজোৰামত অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ বৃহৎ সফলতা । চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ বুজন পৰিমাণ মেথামফেটামাইন টেবলেট আৰু হেৰ’ইন ।

পুনৰ ৰাজ্য মিজোৰামত ড্ৰাগছৰ বিৰুদ্ধে অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ বৃহৎ সাফল্য(Methamphetamine and heroin seized in mizoram)।

গোপন তথ্যৰ ভিত্তিত চলা এক অভিযানত চাম্পাই জিলাৰ ডুংটলাঙ এলেকাত হাইলাকান্দিত অভিযান । মিজো আৰক্ষী আৰু অসম ৰাইফলছ যৌথ অভিযান পঞ্জীয়নভুক্ত এখন চুইফট বাহনত । অভিযান জব্দ বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেট আৰু হেৰ’ইন(Meth tablets, heroin worth Rs 35 cr seized, three arrested)।

জানিব পৰা মতে, বাহনখনৰ গোপন চেম্বাৰৰ পৰা ১১.৩৯৭ কেজি মেথামফেটামাইন টেবলেট আৰু ২১৮ গ্ৰাম হেৰ’ইন জব্দ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, ১৮ টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয় হেৰ’ইনখিনি। জব্দকৃত মেথামফেটামাইন আৰু হেৰ’ইনৰ মূল্য প্ৰায় ৩৫ কোটি ১৯ লাখ বুলি অসম ৰাইফলছে জানিবলৈ দিয়ে। লগতে আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত হাইলাকান্দি জিলাৰ এজন যুৱক আৰু দুগৰাকী মিজো মহিলাক গ্ৰেপ্তাৰ কৰে(Meth tablets, heroin worth Rs 35 cr seized, three arrested)।

ধৃত সৰবৰাহকাৰী কেইজন হৈছে হাইলাকান্দিৰ আবু তাহিৰ মজুমদাৰ, চাম্পাই জিলাৰ জোথাঙ লুয়াই আৰু ভানলাল জাৰি। ড্ৰাগছখিনি চাম্পাই জিলাৰ পৰা বৰাক উপত্যকালৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজনে। ইফালে, গ্ৰেপ্তাৰৰ পিছত অভিযুক্ত কেইজনক চাম্পাই জিলাত জেৰা কৰি থকা হৈছে।

লগতে পঢ়ক : Delhi CM Arvind Kejriwal issued summons by ED for 7th time in excise policy case :পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ EDৰ চমন