orange alert : সাৱধান ! ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি

নিউজ ডেস্ক, ৩জুলাই : ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিব পাৰে ৰাজ্য। ৰাজ্যত সতৰ্কতা জাৰি। ৰাজ্যত পুনৰ ধাৰাষাৰ বৰষুণৰ আগজাননী। প্ৰৱল বৃষ্টিপাতৰ ভৱিষ্যতবাণী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
পুনৰ ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এই এলাৰ্ট। আগন্তুক ২৪ ঘন্টাৰ ভিতৰত অসমৰ বিভিন্ন জিলাত বিজুলী ঢেৰেকণি ,পাতলীয়া আৰু মজলীয়া বৰষুণ আৰু বজ্ৰপাতৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে (Meteorological Centre issues orange alert)।
আগন্তুক ৫ দিনলৈ বতাহ, বৰষুণ, বজ্ৰপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৪৮ ঘন্টাত সমগ্ৰ ৰাজ্যতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ।আগন্তুক ৭জুলাইলৈ অসমত বৰষুণ হৈ থাকিব বুলি জানিব দিয়ে।
ইফালে ৮জুলাইৰ পৰা ৯জুলাইলৈ গুৱাহাটীত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
নামনি অসমৰ ৮ খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। সতৰ্কবাণী জাৰি কৰা জিলাকেইখন হৈছে ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা-মানকাছাৰ, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা আৰু বাক্সা।
ইয়াৰোপৰি নলবাৰী, কামৰূপ(মেট্ৰ’),কামৰূপ(গ্ৰাম্য) আৰু মধ্য অসমতো বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই(Meteorological Centre issues orange alert)।
লগতে পঢ়ক : Jagdeep Dhankhar to visit Assam : মঙলবাৰে অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়