Jagdeep Dhankhar to visit Assam : মঙলবাৰে অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়
নিউজ ডেস্ক, ৩জুন : কাইলৈ অৰ্থাৎ মঙলবাৰে অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড় । গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নীলাচললৈ ৰাওনা হ’ব আৰু মা কামাখ্যাৰ আশিস গ্ৰহণ কৰিব(Vice President Jagdeep Dhankhar to visit Assam)।
গুৱাহাটীলৈ আহি আইআইটি (IIT Guwahati)গুৱাহাটীৰ ২৫তম সমাৱৰ্তন অনুষ্ঠানত (Convocation ceremony) মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দিনজোৰা ভ্ৰমণকালত আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰিব।
উপ-ৰাষ্ট্ৰপতিৰ আগমনক লৈ তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। মহানগৰীৰ ৰাজপথত বাহন চলাচলৰ ক্ষেত্ৰটো জাৰি কৰিছে বিশেষ নিৰ্দেশনা ।
জানিব পৰা মতে, ২৭, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। কাইলৈ অৰ্থাৎ মঙলবাৰে পুৱা ৬ বজাৰ পৰা ৯ বজালৈ বলৱৎ থাকিব নিষেধাজ্ঞা। মহানগৰীৰ DG, MG আৰু AT ৰোডত সকলো ধৰণৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।পুৱা ৭.৩০ৰ পৰা ১২.৩০ বজালৈ বাণিজ্যিক বাহনত নিষেধাজ্ঞা।