Watch | Merapani news: উচ্ছেদৰ পূৰ্বেই নেঘেৰিবিলত নগাৰ আগ্ৰাসন
মেৰাপানী: উচ্ছেদৰ পূৰ্বেই নেঘেৰিবিলত নগাৰ আগ্ৰাসন। নাগালেণ্ড প্ৰশাসনে বন্ধ কৰিলে জিঅ’ টিউবৰ কাম। অহা ৮ আগষ্টত নেঘেৰিবিলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ইতিমধ্য প্ৰশাসনে উচ্ছেদৰ বাবে যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে। ঠিক তেনে সময়তে নাগালেণ্ডে আৰম্ভ কৰিছে অসমৰ ভুমি দখল কৰাৰ কৌশল।
শেষতীয়াকৈ অসম চৰকাৰে নেঘেৰিবিলত অবৈধ বেদখলকাৰীক উচ্ছেদৰ বাবে সাজু হোৱাৰ সময়তে নাগালেণ্ডৰ প্ৰশাসনে নেঘেৰিবিলৰ ভুমি নাগালেণ্ডৰ বুলি দাবী কৰাৰ লগতে নেঘেৰিবিলত চলি থকা অসম চৰকাৰৰ কৃষি বিভাগৰ জিঅ’ টিউবৰ কাম বন্ধ কৰি দিয়াত অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বনুৱাই কাম কৰি থকা অৱস্থাতে নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশৰ সৈতে এটা দল উপস্থিত হৈ কাম স্থগিত কৰাৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে উচ্ছেদ কৰাৰ পাছত নেঘেৰিবিলত এক উত্তেজনাময় পৰিবেশৰ সূচনা হ’ব সেয়া স্পষ্ট হৈ পৰিছে।
লগতে পঢ়ক: Watch | Merapani neghribil eviction: নেঘেৰিবিলত উপস্থিত অসম আৰক্ষীৰ বৃহৎ দল