Local, Vocal, Global

Meghalaya BSF seizes goods worth Rs 77 lakh along Bangladesh border : মেঘালয়ত জব্দ ৭৭ লাখ টকাৰ চোৰাং সামগ্ৰী

নিউজ ডেস্ক,১৬জুন : শনিবাৰে মেঘালয়ৰ বাংলাদেশ সীমান্তত বিএছ এফৰ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ চোৰাং ঔষধ, মোবাইল ডিছপ্লে আৰু চেনি । জব্দকৃত সামগ্ৰী সমূহৰ মূল্য প্ৰায় ৭৭ লাখ টকা(Meghalaya BSF seizes goods worth Rs 77 lakh along Bangladesh border)।

জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত পূৱ খাছি পাহাৰৰ বাংলাদেশ সীমান্তত অভিযান চলাই বিএছ এফে অভিযানত জব্দ‌ কৰে এই চোৰাং সামগ্ৰীসমুহ। বি এছ এফৰ ১১০ নম্বৰ বেটেলিয়নে খাছিমাৰাৰ নদীৰ ওচৰত চলোৱা এই অভিযানত জব্দ কৰা হয় চোৰাং সামগ্ৰীখিনি। বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰাৰ উদ্দেশ্যে কাৰ্টুনত ভৰ্তি কৰি ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ ঔষধ আৰু ম’বাইল ডিছপ্লে উদ্ধাৰ কৰে বিএছ এফৰ দলটোৱে। জব্দ কৰা সামগ্ৰীসমূহ পিচত শুল্ক বিভাগক গতাই দিয়া হয়।

আনহাতে, মেঘালয় আৰক্ষীৰ সৈতে চলোৱা আন এক যৌথ অভিযানত বিএছ এফৰ ২০০ নম্বৰ বেটেলিয়নে দক্ষিণ গাৰো পাহাৰৰ ৰংৰা সীমান্তৱৰ্তী অঞ্চলৰ এটা পৰিতক্ত ঘৰত মজুত কৰি থোৱা ১০হাজাৰ কিলোগ্ৰাম চেনি জব্দ কৰে। বাংলাদেশলৈ‌ চোৰাং ভাবে সৰবৰাহৰ বাবে চেনী খিনি ঘৰটোত মজুত কৰি ৰখা হৈছিল। জব্দকৃত সামগ্ৰী খিনিৰ মূল্য প্ৰায় ৭৭ লাখ টকা বুলি সদৰী কৰিছে বিএছ এফে(Meghalaya BSF seizes goods worth Rs 77 lakh along Bangladesh border)।