Local, Vocal, Global

Happy Father’s Day 2024: আজি পিতৃ দিৱস,কিয় পালন কৰা হয় পিতৃ দিৱস ! কেনেকৈ ধাৰ্য হ’ল এই দিন ?

প্ৰত্যেক গৰাকী ব্যক্তিৰ জীৱনৰ আৰম্ভণিৰে পৰা পিতৃয়ে এক নেপথ্য ভূমিকা পালন কৰে। সন্তানৰ অসুখত যিদৰে এগৰাকী মাতৃয়ে ওৰে নিশা সাৰে থাকি চকুলো টুকে, সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এগৰাকী পিতৃয়েও বহু নিদ্ৰাহীন নিশা কটাই। মাতৃৰ মৰম আৰু স্নেহ পোহৰৰ দৰে স্পষ্ট কিন্তু পিতৃৰ মৰম আকাশৰ দৰে গভীৰ আৰু বিশাল। য’ত লীন হৈ থাকে বহু অকথ্য আশা,আকাংক্ষা,হেঁপাহ,আশা,প্ৰত্যাশা।পিতৃ,ৰ’দ বতাহ বৰষুণৰ পৰা পৰিয়ালটোক আশ্ৰয়স্থল দিয়াজনে হৈছে পিতৃ। পিতৃ এই পৃথিৱীৰ এনে এজন ব্যক্তি যিয়ে নিজৰ সন্তানৰ বাবে প্ৰতিখন যুদ্ধত যুঁজিবলৈ সাজু হয়। পিতৃ মানে এক বিশাল নিৰাপত্তা,পিতৃ মানে অদম্য সাহস(Happy Fathers Day)।

এজন দেউতায়ে পৰিয়ালৰ কাৰণে দিন-ৰাতি অক্লান্ত পৰিশ্ৰম কৰে, য’ত নিজৰ সন্তানক ভালদৰে শিক্ষিত কৰি আৰু নিজৰ পৰিয়ালক সমৰ্থন কৰিব পাৰে। তেওঁৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে প্ৰতি বছৰ ফাদাৰ্স ডে বা পিতৃ দিৱস উদ্‌যাপন কৰো(Happy Fathers Day)। পিতৃসকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱাৰ বাবে পিতৃ দিৱস এক মাধ্যম(Happy Fathers Day 2024)।

এই দিনতে আমি নিজৰ পিতৃক সন্মান বা কৃতজ্ঞতা কৰো। বিশ্বতে প্ৰতি বছৰ জুনৰ তৃতীয় ৰবিবাৰত ফাদাৰ্স ডে পালন কৰে।

পিতৃ দিৱস পালন কৰাৰ ইতিহাস (The Story Behind Fathers Day Celebrate)‌‌:

পিতৃ দিৱস পালন কৰাৰ দুটা মুখ্য কাহিনি আছে।মিচ্ চনোৰা স্মাৰ্ট দোসৰ দেউতাৰ প্ৰতি শ্ৰদ্ধা জনাওঁতে ১৯ জুন ১৯১০ চনৰ প্ৰথমবাৰৰ বাবে আমেৰিকাত ফাদাৰ্ছ ডে পালন কৰা হয়। ১৯০৭ চনত আমেৰিকাত পোনপ্ৰথমবাৰৰ বাবে বেচৰকাৰীৱে পিতৃ দিৱস পালন কৰা হৈছিল।আনহাতে আনুষ্ঠানিকভাৱে ইয়াৰ আৰম্ভণি ১৯১০ চনত হৈছিল।

চনোৰাৰ দেউতা উইলিয়াম স্মাৰ্ট এজন গৃহযুদ্ধৰ অভিজ্ঞ আছিল। নিজৰ ষষ্ঠ সন্তানক জন্ম দিয়া সময়ত উইলিয়াম স্মাৰ্টৰ পত্নিৰ মৃত্যু হৈ গৈছিল। পত্নিৰ মৃত্যুৰ পিছত তেওঁ নিজৰ ষষ্ঠ সন্তানৰ লালন-পালন কৰিছিল। উইলিয়াম স্মাৰ্টৰ মৃত্যুৰ পিছত, তেওঁৰ জীয়ৰী চনোৰা নিজেই দেউতাৰ পুন্যতিথিত ৫ জুনত ফাদাৰ্স্ ডে পালন কৰিব বিচাৰিছিল। তেওঁৰ বিশ্বাস কৰে, আমি সকলোৱে সদায় মাতৃৰ ত্যাগ আৰু আবেগক শ্ৰদ্ধা কৰোঁ কিন্তু পিতৃ আবেগৰ ওপৰত কোনেও গুৰত্ব নিদিওঁ। প্ৰত্যেকৰ জীৱনত পিতৃৰ গুৰুত্ব বুজি নাপায়। এজন পিতৃৰ জীৱন আৰু ত্যাগ স্বীকাৰ কৰাৰ বাবে পিতৃ দিৱস উদ্‌যাপন কৰা উচিত(Happy Fathers Day)। এই দিনত আমি নিজৰ পিতৃক ক’ব পাৰিম যে তুমি আমাৰ জীৱনত কিমান মহত্বপূৰ্ণ।কিন্তু পিতৃ দিৱসৰ উদযাপনৰ তাৰিখৰ সন্দৰ্ভত বিশেষজ্ঞসকলৰ মাজত মতানৈক্য আছে।

পিতৃ দিৱস উদযাপন :

পিতৃ দিৱস বিশ্বৰ বিভিন্ন দেশত বিভিন্ন্ দিনত পালন কৰা হয়। ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উইনাইটেত কিংডম দেশত ফাদাৰ্স্ ডে পালন কৰা হয় জুনৰ তৃতীয় ৰবিবাৰে। আৰ্জেন্টিনা, কানাডা, ফ্ৰান্স, গ্ৰীচ্, আয়াৰলেণ্ড, মেক্সিকো, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা আৰু ভেনেজুয়েলায় আদি ফাদাৰ্স্ ডে পালন কৰা হয় তৃতীয় ৰবিবাৰে। যত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ফাদাৰ্স্ ডেটো ছেপ্টেম্বৰৰ প্ৰথম ৰবিবাৰত উদ্‌যাপন কৰা হয়। থাইলেণ্ডত ৫ ডিচেম্বৰত ফাদাৰ্স্ ডে পালন কৰা হয়; এই দিনতে থাইলেণ্ডত ৰজাৰ জন্ম দিন হিচাপে পালন কৰিছিল। ব্ৰাজিলত ফাদাৰ্স্ ডে পালন কৰা হয় আগষ্টৰ দ্বিতীয় ৰবিবাৰত।

পিতৃ দিৱসৰ উপসংহাৰ (Conclusion):

ফাদাৰ্স্ ডে উদ্‌যাপন কৰাৰ মুখ্য উদ্দেশ্য সকলো পিতৃক স্মৰণ কৰা আৰু বিশেষভাবে ধন্যবাদ জনোৱা, যিজনে নিজৰ সন্তানৰ বাবে বহুত সমৰ্পন কৰিলে। বৰঞ্চ, সন্তানৰ জীৱনত পিতৃক বাস্তবিকভাবে এজন চুপাৰ হিৰো দৰে লাগে, তেওঁক শিশুৰ পৰা নিজৰ দেউতাৰ প্ৰেম কৰে। এইটো প্ৰতিবছৰ জুনৰ তৃতীয় ৰবিবাৰত পালন কৰে।