Local, Vocal, Global

মায়ঙত অঘটন! বানত ডুবি প্ৰাণ গ’ল এটি শিশুৰ

মায়ঙত সংঘটিত হ’ল এক শোকাৱহ ঘটনা। বানত ডুবি প্ৰাণ গ’ল এটি কণমানিৰ।পানীত পৰি মৃত্যু হয় ৰাজীৱ মণ্ডল নামৰ ৮ বছৰীয়া এটি শিশুৰ। মাকৰ সৈতে ঘৰৰ পৰা নাৱেৰে গৈ থকা অৱস্থাত হঠাৎ নাৱৰ পৰা পৰি যায় শিশুটি। স্থানীয় ৰাইজে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলায় আৰু কিছুসময়ৰ পিছত উদ্ধাৰ কৰি স্থানীয় লোণমাটি ৰাজ্যিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।   চিকিৎসালয়খনত কোনো চিকিৎসক উপস্থিত নথকাৰ বাবে গুৱাহাটীলৈ অনা হয় যদিও মৃত্যু হয় কণমানি শিশুটিৰ। বৃহত্তৰ মায়ং অঞ্চলৰ একমাত্ৰ লোণমাটি ৰাজ্যিক চিকিৎসালয়ত প্ৰায়ে চিকিৎসক নথকাৰ অভিযোগ উঠি আহিছে। চিকিৎসকৰ অভাৱত প্ৰাথমিক চিকিৎসা নাপায় বহু ৰুগী আৰু দুৰ্ঘটনাগ্ৰস্ত লোকৰ মৃত্যু ঘটিছে বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে।