Local, Vocal, Global

Shivsagar Fire incident: শিৱসাগৰত নিশা বিধ্বংসী অগ্নিকাণ্ড

শিৱসাগৰ, ৩০ মে’ : শিৱসাগৰ চহৰৰ মাজমজিয়াত যোৱানিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় (Massive fire in Sivasagar) । শিৱসাগৰৰ হাস্পতাল ৰোডত সংঘটিত হয় এই ঘটনা । সোমবাৰে নিশা প্ৰায় ১০.৪৫ বজাত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ । প্ৰায় ২.৩০ বজাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে । সৌভাগ্যক্ৰমে বিপণীখনৰ কৰ্মচাৰীসকল ৰক্ষা পৰে যদিও অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪ কোটি টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়। লক্ষ্যণীয় যে ২০ খনৰো অধিক অগ্নিনিৰ্বাক বাহিনীৰ গাড়ীৰ সহায়ত । শিৱসাগৰৰ উপৰিও যোৰহাট, মৰাণ আদিৰ পৰাও অনা হয় অগ্নিনিৰ্বাপক বাহন।

উল্লেখ্য যে ঘটনাত ‘অৰুণছ’ নামৰ এখন কাপোৰৰ বিপণি সম্পূৰ্ণ জুইত জাহ যায় । ক্ষন্তেকতে অগ্নিৰে ছানি ধৰা অঞ্চলটোত অগ্নিনিৰ্বাপকৰ ২০খন বাহনে জুই নিৰ্বাপণ কৰা হৈছিল যদিও অগ্নিকাণ্ডস্থলীত পুনৰ সংঘটিত হয় অঘটন । ৫-৬ ঘণ্টাজোৰা প্রচেষ্টাৰ অন্তত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হোৱা ঘটনাস্থলীত প্রচণ্ড শব্দৰে বিস্ফোৰিত হয় এটা চিলিণ্ডাৰ । যাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা পুনৰ অব্যাহত ৰাখিবলগীয়া হয় । নিশা ২.৩০ বজাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে ।

অগ্নিকাণ্ড সংঘটিত হোৱা উক্ত বিপণিখনৰ স্বত্তাধিকাৰী আছিল আশীষ আগৰৱাল আৰু চুমিত আগৰৱালৰ । চহৰখনৰ হাস্পতাল ৰোডৰ ‘অৰুণছ’ নামৰ কাপোৰৰ বিপণীখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছতে বিপণীখন আৰু বিপণীখনৰ গাতে লাগি থকা আন এটা বিল্ডিং সম্পূৰ্ণৰূপে ভস্মীভূত হয় (Massive fire at cloth store in Sivasagar) । আনহাতে কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া নিশ্চিতকৈ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ কৰা হৈছে ।

নিশাই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে ।

লগতে পঢ়ক : Jammu bus accident: জম্মুৰ কাটৰাত ৭০ জন তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, ১০ জন নিহত