Local, Vocal, Global

Former Congress MLA Passes Away : মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা দেহাৱসান

মৰিগাঁও, ৩০ মে’ : প্ৰাক্তন কংগ্ৰেছ নেতা জোনজোনালি বৰুৱাৰ মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় (Jonjonali Barua Passes Away) । মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আছিল জোনজোনালী বৰুৱা । প্ৰায় এমাহ ধৰি গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত চিকিত্‍সাধীন হৈ থকা অৱস্থাতে মঙলবাৰে পুৱা ৭ বজাত ইহসংসাৰ ত্যাগ কৰে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে।

খবৰ অনুসৰি জোনজোনালি বৰুৱাৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত চিকিৎসাধিন হৈ আছিল । পিছত বিধায়িকা গৰাকীক জি এম চি এইচলৈ বদলি কৰা হয় । তেখেতৰ মৃত্যুত কংগ্ৰেছ দলৰ লগতে সমাজৰ এক অপূৰণীয় ক্ষতি বুলি মত পোষণ কৰে প্ৰদেশ কংগ্ৰেছ কমিতিয়ে ।

উল্লেখযোগ্য যে জোনজোনালী বৰুৱা একেৰাহে তিনিবাৰকৈ মৰিগাঁও সমষ্টিৰ পৰা কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল (Former Congress MLA from Morigaon) । ৮০ নং মৰিগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও জোনজোনালি বৰুৱাই ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি আৰু অসম চৰকাৰৰ প্ৰাক্তন সংসদীয় সচিব আদি পদত কাৰ্যনিৰ্বাহ কৰিছিল ।

কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুৰ পিছত মৰিগাঁও জিলা কংগ্ৰেছ ইউনিটে শোক প্ৰকাশ কৰে। লগতে এ পি চি চিৰ মুৰব্বী ভূপেন বৰাও জোনজোনালি বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ টুইটাৰত এটা আৱেগিক বাৰ্তা শ্বেয়াৰ কৰি কয় যে তেওঁৰ মৃত্যুৰ ফলত দলটোত এক অবিচ্ছেদ্য শূন্যতা আহি পৰিছে ।

লগতে পঢ়ক : Shivsagar Fire incident: শিৱসাগৰত নিশা বিধ্বংসী অগ্নিকাণ্ড