Local, Vocal, Global

গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ১২ জুন : শনিবাৰে নিশা অসমৰ গোলাঘাট জিলাৰ  Bengenakhowaৰ  Golaghat ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত লাখ লাখ মূল্যৰ সম্পত্তিৰ ক্ষতি হয়।

জুইত প্ৰায় তিনিটা ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় আৰু আৱাসীসকল কোনোমতে পলাই যাবলৈ সক্ষম হয়।

কেইবাখনো অগ্নিনিৰ্বাপক গাড়ী আৰু স্থানীয় লোকৰ তৎপৰতাত জুই নিয়ন্ত্ৰণলৈ আনিছিল।

অগ্নিকাণ্ডৰ কাৰণ এতিয়াও বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকে যে বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ পৰা জুই লাগিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে জুইত ভস্মীভূত হোৱা তিনিটা ঘৰৰ ভিতৰত দুয়োটা ঘৰৰ বাসিন্দাসকল ওচৰৰ নামঘৰত ভাওনা চাবৰ বাবে গৈছিল।

সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু বিষয়টোৰ পুংখানুপুংখ তদন্তৰ পিছত জুইৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।