Local, Vocal, Global

দিল্লীৰ এপাৰ্টমেণ্টৰ উদ্ধাৰ গুৱাহাটীৰ যুৱতীৰ মৃতদেহ

নিউজ ডেস্ক, ১২ জুন : শনিবাৰে দিল্লীত বাস কৰা এগৰাকী air hostess পূজা বৰুৱাক তেওঁৰ এপাৰ্টমেণ্টত ৰহস্যজনকভাৱে মৃত অৱস্থাত পোৱা গৈছিল।

অসমৰ গুৱাহাটীৰ বাসিন্দা পূজা বৰুৱাই ৰাষ্ট্ৰীয় ৰাজধানীৰ মালৱীয় নগৰৰ বেগমপুৰৰ এটা ভাড়াঘৰত বাস কৰি আছিল। ইফালে, দিল্লী আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

প্ৰাথমিক তথ্যত, যুৱতীগৰাকী তেওঁৰ কোঠাৰ ভিতৰত এডাল জীৱন্ত তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছত বৈদ্যুতিক শ্ব’কৰ ফলত মৃত্যু হোৱা বুলি ধাৰণা কৰা হয়।

মৃতকৰ মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছলৈ (AIIMS) প্ৰেৰণ কৰিছে।