Local, Vocal, Global

ৰাজধানী দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড- জীৱন্তে অগ্নিদগ্ধ হৈ ৭ জন লোক নিহত

নিউজ ডেস্ক, ১২ মাৰ্চঃ ৰাজধানী দিল্লীত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই ঘটনাত ৭ জন লোক জীৱন্তে অগ্নিদগ্ধ হৈ অকাল মৃত্যুক সাৱটি লয়।

এই ঘটনা দিল্লীৰ গকুলপুৰত সংঘটিত হয়। এই ঘটনাৰ পিছতেই কেইবাখনো অগ্নিনিৰ্বাপক বাহিনী বাহনে ঘটনাস্থলীত উপস্থিত হৈ জুইৰ নিয়ন্ত্ৰণ কৰে।
manij

এই অগ্নিকাণ্ডত ৭ জনকৈ লোকৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চল শোকস্তব্ধ হৈ পৰে।
এই ঘটনাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটযোগে শোক প্ৰকাশ কৰে। লগতে ভুক্তভোগী লোকসকলক সাক্ষাত কৰাৰ কথা উল্লেখ কৰে।

তদুপৰি উত্তৰ-পূব দিল্লীৰ সাংসদ মনোজ তিৱাৰীয়ে ৭জন লোকৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেঁও মুখ্যমন্ত্ৰী কেজৰিয়ালৰ পৰা ঘটনাটোৰ ন্যায়িক তদন্তৰ দাবী জনায়।

লগতে তেঁও কয় যে,” সমগ্ৰ বিষয়টোৰ ন্যায়িক তদন্ত কৰা উচিত আৰু আত্মীয়সকলক তৎক্ষণাত ১ কোটি টকাৰ সাহায্য ঘোষণা কৰা উচিত।”

অৱশ্যে জুই লগাৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই।