Local, Vocal, Global

তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড…

ডিজিটেল ডেস্ক:- মঙ্গলবাৰে নিশা তিনিচুকীয়া শুকনপুখুৰীৰ সমীপত লোহাৰীকছাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ড জাহ যায় কেইবাটাও বাসগৃহ।জানিব পৰা মতে দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ফলত অগ্নিকাণ্ডই অধিক ভয়াৱহ ৰূপ লয়।বাবুল খান নামৰ লোক এজনৰ বাসগৃহত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ ভাড়াঘৰ ভস্মীভূত হয়।অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহতি হোৱা নাই যদিও লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অগ্নিনিৰ্বাপক বাহিনীক ততাতৈয়াকৈ খবৰ দিয়া হয় যদিও অগ্নিনিৰ্বাপক বাহিনীক পলমকৈ উপস্থিত হয়।যাৰ ফলত জুয়ে অধিক ভয়ংকৰ ৰূপ লয় আৰু চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।ঘটনাস্থালীত নিশাই তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।