Local, Vocal, Global

Massive fire breaks out in Silchar : শিলচৰত ৰৈ থকা গেছ পৰিবাহী টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক,১৮ এপ্ৰিল : শিলচৰত ৰৈ থকা গেছ পৰিবাহী টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ড। বৃহস্পতিবাৰে পুৱা ৰাম নগৰৰ এটা পেট্ৰ’ল পাম্পত ৰখাই থোৱা টেংকাৰত হঠাতে জুইৰ সূত্ৰপাত হয়।

নিমিষতে টেংকাৰখনৰ পৰা জুই আৰু ধোৱা ওলাই ছানি ধৰে আৰু অঞ্চলোত থকা লোক সকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়(Massive fire breaks out in Silchar)।

এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পিছতে তাৎক্ষণিকভাৱে পেট্ৰ’ল পাম্পৰ পৰা জ্বলন্ত টেংকাৰখন টানি পথলৈ লৈ অনা হয় ফলত কথমপি ৰক্ষা পৰে পেট্ৰ’ল পাম্পৰ সমীপৰ কেবাখনো দোকান আৰু অন্যান্য যানবাহন সমূহ(Massive fire breaks out in Silchar)।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত দুখন অগ্নি নিৰ্বাপক বাহিনীৰ‌ গাড়ী উপস্থিত হৈ টেংকাৰখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অৱশ্যে,সেই সময়ত টেংকাৰখনত কোনো লোক নাছিল বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।

লগতে পঢ়ক :Deori Bihu 2024 : আজি দেউৰী সকলৰ ব’হাগ বিহু