ৰাজাবালা ফেৰশাটাৰী গাওঁত ভয়ংকৰ অগ্নিকাণ্ড!

ডিজিটেল ডেস্ক:- টুমনীৰ ৰাজাবালা ফেৰশাটাৰী গাওঁত ভয়ংকৰ অগ্নিকাণ্ড।শুকুৰবাৰে পুৱা আনুমানিক ১০বজাত বিদ্যুতৰ পৰা জুইৰ সুত্ৰ পাত হয়।প্ৰথমে ঘৰৰ চিলিংখনত দপদপকৈ জলি উঠে৷অগ্নিকাণ্ডৰ ফলত ৩খনকৈ ঘৰ ভস্মিভূত হোৱাৰ লগতে প্ৰায় ৫/৬ লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হয় ৷ অহিদুৰ ৰহমানৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয় ৷
জানিব পৰা মতে,অহিদুৰ ৰহমানৰ মূল্যৱান নথি-পত্ৰ জুইত জাহ যায়৷ স্থানীয় ৰাইজ আৰু মেঘালয় ৰাজ্যৰ ফুলবাৰীৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত ৩খনকৈ ঘৰ ভস্মিভূত হোৱাৰ পিছত জুই নুমোৱাবলৈ সক্ষম হয় ৷উল্লেখ্য যে দক্ষিণ শালমাৰা থানা আৰক্ষী আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াই জুই লগাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷
আনহাতে জুই নুমোৱাবলৈ গৈ অহিদুৰ ৰহমানৰ ঘৰৰ কাষৰ খুৰাৰ ল’ৰা আহত হয় ৷